নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ, উখল-মাখল বৰপেটা-বটদ্ৰৱা-নৰোৱা কুজি সত্ৰ

তিথি উপলক্ষে উখল-মাখল বৰপেটা

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি মহোৎসৱ৷ “তিনিও ৰাজ্যৰ বন্দনী থান” বৰপেটা সত্ৰত আজি এই তিৰোভাৱ তিথি মহোৎসৱৰ মুল সবাহ অনুষ্ঠিত হৈছে ৷ বৰপেটা সত্ৰত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি কীৰ্ত্তন মহোৎসৱ হিচাপে উদযাপন কৰা হয় ৷ তিৰোভাৱ তিথি উপলক্ষে বিগত সাতটা দিন বৰপেটা সত্ৰত অখণ্ড নাম কীৰ্তন চলাই ৰখা হয়৷ আজি সত্ৰীয়া পৰম্পৰা অনুসৰি পুৱা চৈধ্য প্ৰসংগৰ উপৰি ভকতসকলে নাম ছন্দ, শৰণ ছন্দ আৰু কেইবাটাও ঘোষা গাই নামৰ সামৰণি মৰাৰ পিছতে ভাগৱত আৰু পাঠ পঢ়া হয়৷ বিয়লি ঘোষা কীৰ্ত্তন, ব্যাহ কীৰ্ত্তন কৰাৰ পিচত থুল বৃন্দাৱনহাটীৰ বাপুসকলে সত্ৰত কৰভাৰ প্ৰদান কৰিব৷ কৰভাৰ প্ৰদান বৰপেটা সত্ৰৰ কীৰ্ত্তন মহোৎসৱৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে মথুৰাদাস বুঢ়া আতাক বৰপেটা সত্ৰৰ অধিকাৰ পাতি কৰ আগবঢ়াইছিল ৷ পৰৱৰ্ত্তী সময়ত শ্ৰীশ্ৰীনাৰায়ণদাস ঠাকুৰ আতা, শ্ৰীশ্ৰীবৰবিষ্ণু আতা, শ্ৰীশ্ৰী গোপাল আতাকে আদি কৰি আতা পুৰুষসকলেও বৰপেটা সত্ৰলৈ কৰ আগবঢ়াইছিল ৷ এই পৰম্পৰাৰ ভিত্তিতে তিৰোভাৱ তিথি মহোৎসৱত কৰভাৰ দিয়া প্ৰথা প্ৰৱৰ্ত্তিত হৈছিল৷ তিথি উপলক্ষে উখল মাখল হৈ পৰিছে বৰপেটা।

উখল-মাখল ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰ

মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত নৰোৱা কুজি সত্ৰ মুখৰিত হৈছে হৰিনামৰ ধ্বনিৰে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৰ ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰতো পুৱতিনিশাৰ পৰাই নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। উখল-মাখল হৈ পৰিছে চৌদিশ। শ শ বছৰ ধৰি ধৰ্মীয় পৰম্পৰাৰে পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে তিৰোভাৱ তিথিৰ কাৰ্যসূচী। ইফালে পুৱাৰে পৰা উষা কীৰ্তন কৰি হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰৰ চৌপাশ ।

বটদ্ৰৱাত আধ্যাত্মিক পৰিৱেশ

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানতো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ-বতাহ। বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি উৎসৱটি “গুৰু কীৰ্তন” নামেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। আজি পুৱাৰে পৰা ভকত বৈষ্ণৱ, আইমাতৃসকলে সমগ্ৰ সত্ৰ প্ৰদক্ষিণ কৰি ঊষা কীৰ্তন কৰা পৰিৱেশে সুন্দৰ বাতাৱৰণৰ সৃষ্টি কৰিছে।

Niyomiya Barta Desk, 25 August

You might also like