স্প’নছৰ অবিহনেই এছিয়া কাপ খেলিব ভাৰতে, বিচিচিআইৰ সৈতে সম্পর্ক ছেদ ড্রীম ইলেভেনৰ
নিউজ ডেস্ক, ২৫ আগষ্ট : কেইদিনমান পিছতে এছিয়া কাপত খেলিবলৈ নামিব ভাৰতে৷ কিন্তু সূর্যকুমাৰ যাদৱহঁতৰ জার্ছীত হয়তো নাথাকিব কোনো স্প’নছৰৰ নাম৷ কাৰণ ভাৰতীয় ক্রিকেট দলৰ স্প’নছৰৰ দায়িত্বৰ পৰা আঁতৰি যাব ড্রীম ইলেভেন ৷
সদ্যসমাপ্ত বর্ষাকালীন অধিৱেশনত পাছ হোৱা ‘দ্য প্রমোচন এণ্ড ৰেগুলেচন অৱ অনলাইন গেমিং বিল’ৰ বাবেই এইদৰে স্প’নছৰহীন হ’বলৈ ওলাইছে টীম ইণ্ডিয়া৷ উল্লেখ্য যে এই বিলত ড্রীম ইলেভেন, মাই ইলেভেন চার্কোলৰ দৰে ফেণ্টাচী এপসমূহ বন্ধ কৰাৰ কথা আছে ৷ সেইবাবেই এইবাৰ ভাৰতীয় দলৰ সৈতে সম্পর্ক ছিন্ন কৰিছে ড্রীম ইলেভেনৰ দৰে স্প’নছৰাৰে৷
উল্লেখ্য যে ড্রীম ইলেভেনৰ সৈতে অহা বছৰৰ মার্চ পর্যন্ত বিচিচিআইৰ চুক্তি আছে৷ প্রধান স্প’নছৰ হিচাপে তিনি বছৰত ৩৫৮ কোটি টকাৰ চুক্তি হৈছিল দুই পক্ষৰ মাজত৷ ভাৰতৰ পুৰুষ আৰু মহিলা ক্রিকেট দলৰ লগতে ১৯ বছৰ অনূর্ধ্ব দলৰ জার্ছীতো থাকে ড্রীম ইলেভেনৰ চিহ্ণ৷ ইপিনে, সহযোগী স্প’নছৰ হিচাপে পাঁচ বছৰৰ বাবে বিচিচিআইৰ সৈতে চুক্তি কৰিছিল মাই ইলেভেন চার্কোলে৷ কিন্তু আইনত পৰিণত হোৱা বিলখনৰ বাবে এই সংস্থাকেইটাই বৈধতা হেৰুৱাব৷ ড্রীম ইলেভেনে ইতিমধ্যে ব’ৰ্ডৰ সৈতে সম্পর্ক ছিন্ন কৰা বুলি খবৰ প্রকাশ হৈছে৷ ফলত আসন্ন এছিয়া কাপৰ জার্ছী এই সংস্থাটোৰ নামসহ প্ৰস্তুত কৰা হৈছিল যদিও সেই জার্ছী পিন্ধি ফটোশ্বুটত অংশ নলয় শুভমন গিলহঁতে৷ এছিয়া কাপতো খেলুৱৈসকলে পৰিধান নকৰে এই জার্ছী৷ যদিহে ৯ ছেপ্টেম্বৰৰ পূর্বে বিচিচিআয়ে নতুন স্প’নছৰ পায়, তেতিয়াহ’লে সেই সংস্থাৰ নাম ছপা হ’ব মেন ইন ব্লুৰ জার্ছীত৷ সেয়া নহ’লে মূল স্প’নছৰ অবিহনে এছিয়া কাপত প্রতিদ্বন্দ্বিতাত নামিব ভাৰতীয় দলটো৷
উল্লেখ্য যে ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ তৰফৰ পৰা সচিব দেৱজিৎ শইকীয়াই পূর্বেই এই সম্পর্কে মন্তব্য কৰিছিল৷ তেওঁ উল্লেখ কৰিছিল যে সমগ্র দেশত যি আইন আছে, সেই আইন ব’র্ডেও মানি চলিবলৈ বাধ্য৷ কেন্দ্রীয় চৰকাৰে যি নীতি নির্ধাৰণ কৰে, সেয়া মানি চলিব ক্রিকেট ব’র্ডে৷ খবৰ অনুসৰি, ইতিমধ্যে নতুন স্প’নছৰৰ বাবে প্রক্রিয়া আৰম্ভ কৰিছে বিচিচিআয়ে৷ অৱশ্যে ৯ ছেপ্টেম্বৰৰ পূর্বে স্প’নছৰ নাপালে প্রতিযোগিতাখনত কোনো স্প’নছৰৰ চিহ্ণ অবিহনে খেলিব টীম ইণ্ডিয়াই৷