নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : অসমীয়াৰ জাতীয় আৰু সাংস্কৃতিক জগতৰ নক্ষত্ৰস্বৰূপ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি । সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ শতবাৰ্ষিকী উপলক্ষে বিভিন্ন প্ৰান্তত আয়োজন চলি থকাৰ সময়তে ৰূপহীহাটত সম্পূৰ্ণ পৃথক তথা দুৰ্ভাগ্যজনক পৰিৱেশ দেখা গৈছে । সুধাকণ্ঠৰ মহাপ্ৰয়াণৰ পাছত শিল্পীগৰাকীৰ স্মৃতি তথা কৰ্মৰাজিক যুগমীয়া কৰি ৰাখিবলৈ ৰাজ্যৰ প্ৰতিটো ব্লকতে একোখনকৈ ৰংগমঞ্চ নিৰ্মাণ কৰা হৈছিল। উত্তৰ নগাঁৱতো ৰূপহীহাট উন্নয়ন খণ্ডৰ কাষতেই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ নিৰ্মাণ কৰি প্ৰথম বছৰত দিনজোৰাকৈ কাৰ্যসূচী ৰূপায়ণ কৰি শিল্পীগৰাকীক স্মৰণ কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত উক্ত মঞ্চখন পৰিত্যক্ত হৈ পৰি ৰ’ল ।
প্ৰতিবছৰে শিল্পীগৰাকীৰ জন্মতিথি, মৃত্যুতিথিৰ দিনটোত সমগ্ৰ ৰাজ্যতে চৰকাৰীভাৱে মুকলি মঞ্চত অনুষ্ঠানৰ আয়োজন কৰি সোঁৱৰণ কৰি আহিছে যদিও ৰূপহীহাটৰ এই অনুষ্ঠানটি পাহৰণিৰ গৰ্ভত সোমাই পৰিল । মুকলি মঞ্চখন চোৱাচিতাৰ দায়িত্বত থকা ৰূপহীহাট উন্নয়ন খণ্ড বৰ্তমান গড়াজান ব্লকৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতি আৰু অমনোযোগিতাৰ বাবে বিগত বছৰকেইটাত বন্তি এগছিও জ্বলা পৰিলক্ষিত হোৱা নাই । বৰ্তমান চৰকাৰে শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী আড়ম্বৰকপূৰ্ণভাৱে পালন কৰিবলৈ ওলোৱাৰ সময়ত ৰাজ্যৰ অন্যান্য মঞ্চসমূহেও মুকলি মঞ্চ সজাই-পৰাই তুলি জন্মতিথি পালন কৰিবলৈ প্ৰস্তুতি চলোৱা দেখা গৈছে যদিও ৰূপহীহাটৰ মুকলি মঞ্চখন পৰিত্যক্ত অৱস্থাত পৰি থকা দেখা গৈছে । ২০১৪-১৫ চনতে স্থাপন কৰা মুকলি মঞ্চখন চোৱাচিতাৰ অভাৱ, দায়িত্বত থকা লোকসকলৰ গাফিলতিৰ ফলত ঘাঁহ-বন গজি জংঘলসদৃশ হৈ পৰিছে । নামফলকত ড০ ভূপেন হাজৰিকাৰ নাম উজলি থকা মুকলি মঞ্চখন আটকধুনীয়াকৈ ৰাখিবলৈ সদ্ভাবৰ অভাৱৰ বাবেই এনে দুৰৱস্থাৰ সন্মুখীন হোৱা বুলি স্থানীয় একাংশ লোকে প্ৰকাশ কৰিছে ।
ড০ হাজৰিকাৰ দৰে এগৰাকী মহান অসমীয়াক এইদৰে অৱহেলা কৰি বছৰ বছৰ ধৰি অপমান কৰি অহা বুলি ক্ষোভ ব্যক্ত কৰিছে । এইবেলি জন্ম শতবাৰ্ষিকীলৈ আৰু মাত্ৰ এটা সপ্তাহ থকা সময়তো মঞ্চখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু ন-ৰূপ দিয়াৰ কোনো ব্যৱস্থা এতিয়ালৈকে ৰাইজৰ চকুত পৰা নাই । সেয়েহে সুধাকণ্ঠৰ নামত থকা মুকলি মঞ্চখন যদি চৰকাৰীভাৱে ৰূপহীহাট উন্নয়ন খণ্ড, আঞ্চলিক পঞ্চায়তে চোৱাচিতা কৰিব নোৱাৰে, তেন্তে ইয়াৰ বাবে নতুনকৈ এখন কমিটী গঠন কৰি মঞ্চখনৰ ৰক্ষণাবেক্ষণ আৰু শিল্পচৰ্চাৰ পৰিৱেশ গঢ়ি তুলিবলৈ পদক্ষেপ লোৱাৰ বাবে ৰূপহীহাটৰ সচেতন মহলে দাবী উত্থাপন কৰিছে ।
প্ৰেৰক জহিৰুল ইছলাম