নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত জলসম্পদৰ খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ কোক্রাডাঙাত উপস্থিত হৈ জলসম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ সীমান্ত পথ এছোৱাৰ প্ৰায় ৪০০ মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত জলসম্পদ বিভাগৰ উদ্যোগত চলি থকা জৰুৰীকালীন প্ৰতিৰোধী ব্যৱস্থাৰ সামগ্ৰিক দিশ পৰিদৰ্শন কৰে আৰু সমান্তৰালকৈ স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় তেওঁ।

মন্ত্ৰী হাজৰিকাই স্থানীয় ৰাইজৰ আবেদন মৰ্মে খহনীয়া আক্ৰান্ত সেই স্থানডোখৰৰ প্ৰায় ৫০০ মিটাৰ অংশত শক্তিশালীভাৱে স্থায়ী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তৎকালীন ভাবে উক্ত স্থানৰ পৰাই জিঅ’ মেগা টিউবৰ সহায়ত কাম আৰম্ভ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখ্য, মন্ত্ৰী পীযুষ হাজৰিকাই ধুবুৰীৰ পৰা বৰলুইতেৰে স্পীড বোটেৰে কোক্ৰাডাঙা অভিমূখে ৰাওনা দিয়াৰ পূৰ্বে স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত মানকাচৰৰ এটা সীমান্ত পথত আৰম্ভ হোৱা গৰাখহনীয়্ প্ৰতিৰোধ কৰিবলৈ বিগত প্ৰায় ১৫ দিনৰ পৰা জলসম্পদ বিভাগে তৎপৰতাৰে কৰি থকা কাম-কাজৰ বুজ ল’বলৈ গৈ থকা বুলি সদৰি কৰে।

আনহাতে, দক্ষিণ শালমাৰাৰ ফকৰিগঞ্জত বৰলুইতৰ তীব্ৰ গৰাখহনীয়া সন্দৰ্ভত শুধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ফকিৰগঞ্জত যোৱা বছৰেই কেইবা কোটি টাকা দিয়া হৈছিল যদিও মানুহে কাম কৰাত অসুবিধা কৰাৰ বাবে অকণমান পলম হোৱা বুলি মন্তব্য কৰে আৰু পৰ্যায়ক্ৰমে সেই কামখিনিও সম্পূৰ্ণ কৰা হ’ব বুলি জনায়

উল্লেখ্য যে, হাজৰিকাৰ কোক্ৰাডাঙাৰ গৰাখহনীয়া পৰিদৰ্শন কালত দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ জিলা আয়ুক্ত, স্থানীয় বিধায়ক আমিনুল ইছলাম ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতিদ্বয় ক্ৰমে ৰঞ্জিত কুমাৰ ৰায় আৰু ৰঞ্জিত কুমাৰ সাহা প্ৰমুখ্যে জলসম্পদ বিভাগৰ বিষয়া-বৰ্গ উপস্থিত আছিল।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ আগষ্ট

You might also like