বাগিচাৰ শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০
মৰিয়নি নকছাৰীত পুৱাই সংঘটিত হৈছে এক অঘটন। বাগিচাৰ শ্ৰমিক কঢ়িয়াই নিয়া বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হয়। মৰিয়নি দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত তিৰুৱাল চাহ বাগিচাৰ সমীপত বাগিচাৰ শ্ৰমিক কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰি খালত বাগৰি পৰে।
বাছখন দেৱেৰাপাৰ চাহ বাগিচাৰ পৰা ভেলাগুৰি চাহ বাগিচালৈ শ্ৰমিক কঢ়িয়াই নিছিল। বাছখনত পুৰুষ মহিলাসহ ৩২জন শ্ৰমিক আছিল। প্ৰায় আঠ দহ জন শ্ৰমিক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে।
বাগিচা কৰ্তৃপক্ষ আৰু দেৱেৰাপাৰ আৰক্ষী উপস্থিত হৈ আহতসকলক চুঙি লাহিং মডেল হাস্পতাললৈ প্ৰেৰণ কৰিছে। বাছখনৰ পঞ্জীয়ন নম্বৰ AS 05 B 8811।
Niyomiya Barta Desk, 25 August