বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৬
বিলাসীপাৰাৰ চিৰাকুটাৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আলট্ৰা বাছ আৰু এল্টো মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। সংঘৰ্ষৰ ফলত ৬জনকৈ যাত্ৰীৰ লগতে পথচাৰী গুৰুতৰবাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্তসকলক স্থানীয় ৰাইজে তৎকালে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়।
চিকিৎসকে ৫জনৰ অৱস্থা অতি সংকটজনক হোৱালৈ চাই উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত শালকোচা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনখন ভাঙি চূৰমাৰ হয় ।
দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখনৰ নম্বৰ হ’ল AS 15 C 7983 আৰু মাৰুতি এল্টো বাহনখনৰ নম্বৰ AS 01 BP 9677।
যাত্ৰীবাহী বাছখন বৰপেটাৰ পৰা ধুবুৰী অভিমুখে আৰু মাৰুতি এল্টোখন ধুবুৰীৰ পৰা বৰপেটা অভিমুখে গৈ থকা অৱস্থাত মুখামুখি সংঘৰ্ষ হয়। আহত ব্যক্তিসকল হ’ল ধুবুৰীৰ জৰুৱাৰ চৰৰ ৰসিদা খাতুন, সোনাভান বিবি, সোমেৰ আলী, মনোৱাৰা আলী, সাহেদ আলী।
Niyomiya Barta Desk, 25 August