২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শিক্ষক দেৱজিত ঘোষ
দেৱজিত ঘোষ ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিকৰ শিক্ষক
চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হ’ল ডিব্ৰুগড়ৰ কৃতী শিক্ষক দেৱজিৎ ঘোষ। দেশৰ ৪৫ গৰাকী শিক্ষকৰ ভিতৰত অসমৰ একমাত্ৰ শিক্ষক হিচাপে নিৰ্বাচিত হোৱা দেৱজিত ঘোষ ডিব্ৰুগড় জিলাৰ নামচাং চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক।
বৰ্তমান ডিব্ৰুগড় মহানগৰৰ খলিহামাৰীৰ নিবাসী দেৱজিত ঘোষক ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে উৎফুল্লিত কৰিছে জিলাবাসীক। অহা ৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব।
ইতিমধ্যে কৃতী শিক্ষক ঘোষে এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ লগতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে। অসম-অৰুণাচল সীমান্তত অৱস্থিত জয়পুৰৰ নামচাং চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত ২০২২ চনৰ পৰা শিক্ষকতাৰ সেৱা আগবঢ়াই আছে।
সম্প্ৰতি প্ৰায় তিনিশ গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আছে বিদ্যালয়খনত। ২০২২ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত ২৭১ জন ছাত্র-ছাত্ৰী নামভৰ্তি কৰিছিল। ইয়াৰে প্ৰায় দুশজন ছাত্র-ছাত্ৰীয়েই আছিল ড্ৰপআউট। স্বাধীনোত্তৰ দিন ধৰি নামচাং চাহ বাগিচাত নাছিল কোনোধৰণৰ শিক্ষানুষ্ঠান। যাৰ বাবে ড্ৰপআউটৰ সংখ্যা বৃদ্ধি পাইছিল নামচাং চাহ বাগিচাত।
২০২৩ চনত চনত ৰাজ্যিক শিক্ষক বঁটা লাভ কৰা দেৱজিত ঘোষক দিনচেৰক পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল মিছন ফৰ মেন্টৰিং হিচাপে নিযুক্তি লাভ কৰিছিল। ইফালে ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে আজিৰ দিনৰ ভাগত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পৰা ই-মেইলৰ জৰিয়তে পত্ৰ লাভ কৰিছিল দেৱজিতে।
শোণিতপুৰ জিলাৰ ৰঙাপাৰাত ঘৰ দেৱজিতে নিজৰ কৃতীত্বৰ সম্পৰ্কত অনুভৱ প্ৰকাশ কৰি কয়, মোৰ বাবে এইয়া আনন্দৰ খবৰ। মোৰ পিতৃ-মাতৃৰ বাবে গৌৰৱৰ খবৰ। নতুনকৈ প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত যোগদানৰ সময়ত মোৰ বাবে আছিল যথেষ্ট প্ৰত্যাহ্বান। স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো অঞ্চলটোত এখন শিক্ষানুষ্ঠান নাছিল। ছাত্র-ছাত্ৰী পোৱাটো আছিল কঠিন। কিন্তু এই প্ৰত্যাহ্বানক নেওচি আমি কাম কৰি গৈছিলোঁ। বিগত বৰ্ষত আমাৰ শিক্ষানুষ্ঠানৰ পৰা ৯০ শতাংশ শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
তদুপৰি শিক্ষানুষ্ঠানখনত দুজন ইছৰোৰ বিজ্ঞানীৰ দল অহাৰ পাছত ছাত্র-ছাত্ৰীৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছিল। এতিয়া বিজ্ঞান শাখাত বহু ড্ৰপআউট শিক্ষাৰ্থী অধ্যয়ন কৰি আছিল। উল্লেখযোগ্য যে, যাতায়াতৰ ক্ষেত্ৰত অতি দূৰ্গম অঞ্চলটোত প্ৰায় তিনি ঘন্টা বাটকুৰি গৈ শিক্ষকতাৰ সেৱা আগঢ়াই আছে দেৱজিত ঘোষে।
বিশেষ বাৰ্তা, ডিব্ৰুগড়, ২৬ আগষ্ট