নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পুনৰ উৰিয়ামঘাটত ৰেংমা বনাঞ্চলত চলিছে উচ্ছেদ

উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত পুনৰ আজিৰে পৰা চলিছে উচ্ছেদ অভিযান। প্ৰথম পৰ্য্যায়ৰ উচ্ছেদ অভিযানৰ সফলভাৱে সামৰণি পৰাৰ পাছতে পুনৰ ৰেংমা বনাঞ্চল তিনিখনকৈ গাঁৱত আজি চলিছে উচ্ছেদ অভিযান। গাঁওকেইখন ক্ৰমে ১নং মধুপুৰ, হাতীডুবি আৰু ৰানা নগৰ।

উল্লেখিত তিনিখন গাঁৱৰ প্ৰায় ২০০টা পৰিয়ালৰ গৃহত চলিছে প্ৰশাসনৰ বুলডজাৰ। উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত বিগত এটা মাহে চলি আহিছে অবৈধ নাগৰিকে বসবাস কৰি অহা বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযানত।

প্ৰথম পৰ্য্যায়ত ১০,০০০ বিঘা ভূমি বেদশলমুক্ত কৰা হৈছিল যদিও দ্বিতীয় পৰ্য্যায়ৰ উচ্ছেদ অভিযান অব্যাহত আছে।

উল্লেখ্য যে ৰেংমা বনাঞ্চলত বিগত বহু বছৰ ধৰি অবৈধ নাগৰিকে বনাঞ্চল ধংস কৰি অবাধ হাৰত তামোলৰ ব্যৱসায়, দৈয়াং নৈৰ বুকুত শিল খনন কৰি অবাধ ব্যৱসায় কৰি আহিছিল। নামিছিল অবৈধ ড্ৰাগছ, মাৰণাস্ত্ৰ ইত্যাদিৰ ব্যৱসায়ত। আজি পুনৰ বন বিভাগে চলাইছে উচ্ছেদ অভিযান।

নিয়মীয়া বাৰ্তা, চুঙাজান, ২৬ আগষ্ট

You might also like