নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ উৎকৰ্ষতা বঁটাৰ ধনেৰে জিলা আয়ুক্ত‌ই সজালে অত্যাধুনিক অধ্যয়ন কক্ষ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ নেতৃত্বত জিলা প্ৰশাসনে যোৱা সময়ছোৱাত গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ বাবে ২০২৪ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰা ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বঁটা লাভ কৰিছিল। এই বঁটাত লাভ কৰা ২০ লাখ টকাৰে আয়ুক্ত স্বপ্নীল পালে জিলা পুথিভঁৰালত স্থাপন কৰিছে এটি বহু আৰ্হিয় শিকন কক্ষ। অসম চৰকাৰে এই বৰ্ষটো গ্ৰন্থ বৰ্ষ হিচাপে উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্তগৰাকীয়ে লোৱা এই পদক্ষেপৰ ভিতৰত আছে এটা শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক শিকন কক্ষ, য’ত ভিডিঅ’ কনফাৰেন্সিং, গ্ৰন্থ অধ্যয়ন, মত বিনিময় বা দলগত আলোচনা,  শিক্ষণ স্থান, ৱাই-ফাই ইত্যাদি সুবিধা ৰখা হৈছে ।
আজি পুৱা সপত্নীক গৈ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীয়ে নিজেই অধ্যয়ন কক্ষটি উদ্বোধন কৰে। এই প্ৰসংগত তেওঁ কয়- “গ্ৰন্থ অধ্যয়নেহে এটা জাতিক সমৃদ্ধ কৰে। যুগৰ পৰিৱৰ্তন আৰু প্ৰযুক্তিৰ বিকাশৰ সৈতে সংগতি ৰাখি গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰতো নতুনত্ব আনিব লাগিব, যাতে নতুন প্ৰজন্মৰ যুৱক-যুৱতী আকৰ্ষিত হয়।” সেয়ে এই নতুন বহু আৰ্হিয় শিকন কক্ষটি অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত মিৰ্জানা হুছেইন, অসম অসামৰিক সেৱাৰ বিষয়া তথা আয়ুক্ত-পত্নী অন্যন্যা চৌধুৰীৰ উপৰি তিনিচুকীয়াৰ কেইবাগৰাকীও বিশিষ্ট নাগৰিক উপস্থিত থাকে। সকলোৱে জিলা আয়ুক্ত স্বপ্নীল পালৰ এই অভিনৱ পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছে।
উল্লেখযোগ্য যে জিলা আয়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডি চি ভিষ্টা শিৰোনামেৰে এখন শিক্ষামূলক উদ্যান নিৰ্মাণ, নিচাসক্তসকলক সমাজৰ মূলসুঁতিলৈ ওভতাই অনাৰ বাবে আৰোহণ প্ৰকল্পৰ অধীনত এটা বিনামূলীয়া নিচাযুক্ত কেন্দ্ৰ স্থাপন, দিব্যাংগসকলৰ বাবে একে ঠাইতে স্বাস্থ্য পৰীক্ষা, প্ৰমাণ-পত্ৰ লাভ আৰু একক পৰিচয় পত্ৰ প্ৰদানৰ লগতে তেওঁলোকক সহায়ক সঁজুলি বিনামূলীয়াকৈ প্ৰদান কৰাৰ বাবে গ্ৰহণ কৰা  ‘মিছন থটফুল’ আঁচনি আদিৰেও তেওঁ ইতিমধ্যে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলে সক্ষম হৈছে।
প্ৰেৰক সুৰজ দাস
You might also like