সীমান্তত শত্রুক তীব্র প্রত্যাহ্বান জনোৱাৰ লগতে ধ্বংস কৰাৰ বাবে ভাৰতে নতুন বিশেষ প্রশিক্ষণপ্রাপ্ত বেটেলিয়ন গঠন কৰিছে৷ কার্গিল দিৱসৰ দিনাই সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে সীমান্তৰ শত্রুক ধ্বংস কৰাৰ বাবে ভাৰতৰ সেনাৰ এই পৰিকল্পনা ঘোষণা কৰিছে৷ সেনাক আধুনিকীকৰণ আৰু শক্তিশালীকৰণৰ লক্ষ্যৰে বাজেট বৃদ্ধি কৰাৰ সমান্তৰালকৈ অস্ত্র–শস্ত্র উন্নীতকৰণতো গুৰুত্ব আৰোপ কৰি অহা চৰকাৰে নতুন নতুন বিশেষ বেটেলিয়ন গঠনৰো পৰিকল্পনা কৰি আহিছে৷
সেই পৰিকল্পনাৰ আধাৰতে ৫টা নতুন বিশেষ দক্ষ বেটেলিয়ন গঢ়ি তুলিছে ভাৰতীয় সেনাই৷ যুদ্ধক্ষেত্রত শত্রুক ধ্বংস কৰিব পৰা নতুন বিশেষ প্রশিক্ষণপ্রাপ্ত দক্ষ বেটেলিয়নক ভৈৰৱ কমাণ্ডো বাহিনী হিচাপে নামকৰণ কৰিছে৷ প্রতিদ্বন্দ্বী ৰাষ্ট্র চীন, চিৰবৈৰী পাকিস্তানৰ সমান্তৰালকৈ সীমান্তত বাংলাদেশৰ যিকোনো ষড়যন্ত্র যুদ্ধলৈ ৰূপান্তৰ হ’লে এই নতুন ভৈৰৱ কমাণ্ডো বাহিনীয়ে প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ব৷
নর্দান কমাণ্ডোৰ অধীনত এই ৫টা ভৈৰৱ কমাণ্ডো বেটেলিয়ন থাকিব৷ চীন আৰু পাকিস্তানৰ সৈতে যুঁজিবলৈ ৩টা বেটেলিয়ন মোতায়েন কৰাৰ বিপৰীতে বাকী দুটা বেটেলিয়নৰ এটা উত্তৰ–পূর্বাঞ্চল আৰু আনটো পাকিস্তান সীমান্তৰ পশ্চিম অঞ্চলত মোতায়েন কৰা হ’ব৷ গালৱান সংঘর্ষৰ সময়ত ভাৰতীয় সেনাই প্রত্যাঘাত কৰাৰ ক্ষেত্রত উত্থাপিত প্রশ্ণৰ সমাধান বিচাৰিয়েই ভাৰতীয় সেনাই উন্নত অস্ত্র–শস্ত্রৰ প্রশিক্ষণেৰে এই ভৈৰৱ কমাণ্ডো গঠন কৰিছে৷ স্থলসেনা, কামান আৰু টেংক ৰেজিমেণ্ট একত্রিত কৰি কঠোৰ প্রশিক্ষণেৰে ভৈৰৱ কমাণ্ডো বাহিনী গঠন কৰা হৈছে৷
Niyomiya Barta Desk, 27 August