নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেহাদীৰে সম্পৰ্ক : গোলকগঞ্জত শিক্ষকক আটক

গোলকগঞ্জত জেহাদী সংগঠনৰ সৈতে সম্পৰ্কৰ অভিযোগত এগৰাকী শিক্ষকক আটক কৰা হৈছে। শিক্ষকগৰাকী লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰ। শিক্ষকগৰাকী বাংলাদেশৰ জামাত ই ইছলামীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উঠিছে।

গোলকগঞ্জ আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। শিক্ষকগৰাকীৰ ঘৰ ভাৰত বাংলাদেশ সীমান্তৰ লক্ষীমাৰী গাঁৱত। বিদ্যালয়খনৰ আন এগৰাকী শিক্ষক হজৰত আলী পলাতক হৈ আছে। উল্লেখ্য যে কেইবা দিনৰ পৰা গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত অচিনাক্ত মৌলবাদী সংগঠৰ কাৰ্যকলাপে চেপা উত্তেজনা সৃষ্টি কৰিছে।

ইপিনে ধৃত সৰকাৰে যোৱা ২৪ ডিচেম্বৰত কেৰম খেলাক কেন্দ্ৰ কৰি এগৰাকী নিৰীহ যুৱকক হত্যাৰ অভিযোগত পহিলা জানুৱাৰীৰ পৰা জেল খাটিব লগা হৈছিল।

Niyomiya Barta Desk, 27 August

You might also like