নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, প্ৰাণৰক্ষা চাৰিচকীয়া বাহনৰ চালকৰ

গোলকগঞ্জৰ দুমৰদহৰ ৰে’লপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মালবাহী ৰে’লৰ খুন্দাত বিধ্বস্ত হয় চাৰিচকীয়া বাহন। কোনোমতে প্ৰাণৰক্ষা পৰে চাৰিচকীয়া বাহনৰ আৰোহীৰ।

কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখী মালবাহী ৰে’লৰ খুন্দাত AS 17 Q-8055 নম্বৰৰ চাৰিচকীয়া বাহন বিধ্বস্ত হয়। চাৰিচকীয়া বাহনখনে দুমৰদহৰ ৰে’ললাইনৰে পাৰাপাৰৰ প্ৰচেষ্টা চলোৱাৰ সময়তে ৰে’লখনে মহটিয়াই নিয়ে।

কিন্তু ৰে’লখন অহা দেখা পাই চালক তথা শিক্ষক আৰু তেওঁৰ দুই সন্তান বাহনৰ পৰা নামি কোনোমতে জীৱন ৰক্ষা পৰে। দুঘৰ্টনা সংঘটিত হোৱাত প্ৰায় এক ঘন্টা ঘৰি ৰাষ্ট্ৰীয় পথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

Niyomiya Barta Desk, 27 August

You might also like