হিন্দু কিশোৰীক ধ*ৰ্ষ*ণ মতলেবৰ, পুত্ৰই আনি দিলে গৰ্ভপাতৰ দৰব, ঘটনা গাপ মাহীমাকৰ
বাক্সাৰ মেৰকুছিৰ কুমাৰপাৰাত জঘন্য কাণ্ড। বিশেষ সম্প্ৰদায়ৰ এগৰাকী বৃদ্ধৰ কামনাৰ বলি এগৰাকী হিন্দু কিশোৰী। নাবালিকাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে লম্পট বৃদ্ধক। বিশেষ সম্প্ৰদায়ৰ বৃদ্ধৰ কামনাৰ বলি এগৰাকী কিশোৰী। বাক্সা জিলাৰ বৰমা থানাৰ কুমাৰপাৰাত সংঘটিত হৈছে এই জঘন্য কাণ্ড। দুমাহ পূৰ্বে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ কৰিছিল মতলেব আলী নামৰ এজন বৃদ্ধই।
ই-ৰিক্সা চালক মতলেবে কিশোৰীগৰাকীক ফুচুলাই নি ভয়-ভাবুকিৰে সংঘটিত কৰিছিল জঘন্য কাম। যাৰ বাবে দুমাহৰ অন্তসত্বা হয় কিশোৰীগৰাকী। এই কথা কিশোৰীগৰাকীয়ে বৰমাকক অৱগত কৰাত বৰমাকে কিশোৰীগৰাকীৰ মাহীমাকক জনাই সমস্ত ঘটনা।
কিন্তু মাহীমাকে সমগ্ৰ ঘটনা গাপ দি অপৰাধী মতলেব আলীৰ পুত্ৰই আনি দিয়া গৰ্ভপাতৰ দৰব খুৱাইছিল কিশোৰীগৰাকীক। মাহীমাক আৰু পিতৃৰ অকথ্য নিৰ্যাতনৰ বলি হৈ তিনি দিন ধৰি ঘৰৰ পৰা ওলাই গৈ গছৰ তলত নিশা কটাইছিল কিশোৰীগৰাকীয়ে। অৱশেষত আজি বৰমা আৰক্ষী থানাত অকলে উপস্থিত হয় কিশোৰীগৰাকী।
সৰুতে মাতৃহাৰা কিশোৰীগৰাকীয়ে থানাত উপস্থিত হৈ আৰক্ষীক অৱগত কৰে সকলো ঘটনা। আৰক্ষীয়ে কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি তাৎক্ষণিকভাবে গ্ৰহণ কৰে ব্যৱস্থা। আৰক্ষীয়ে আটক কৰে ধৰ্ষণকাৰী মতলেব আলীৰ লগতে সোধাপোচাৰ বাবে আনে কিশোৰীগৰাকীৰ পিতৃ-মাতৃ আৰু ধৰ্ষণকাৰী মতলেব আলীৰ হৈ গৰ্ভপাতৰ বাবে ঔষধ যোগান ধৰা পুত্ৰ মকবুল আলীক।
সম্প্ৰতি বৰমা আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত মতলেব আলীৰ লগতে পুত্ৰ মকবুল আলী।
Niyomiya Barta Desk, 27 August