নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ পৰাও অৱসৰ গ্রহণ ৰবিচন্দ্রন অশ্বিনৰ

নিউজ ডেস্ক, ২৮ আগষ্ট : আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পিছত আইপিএলৰ পৰাও অৱসৰ গ্রহণ কৰিলে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে৷ তেওঁৰ এই আকস্মিক সিদ্ধান্তই ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

চেন্নাই ছুপাৰ কিংছৰ হৈ অন্তিমটো আইপিএলৰ ছিজনত খেলা অশ্বিনে ২০২৪ চনত আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰাও অৱসৰ গ্রহণ কৰিছিল৷ অশ্বিনে সামাজিক মাধ্যমৰ প’ষ্টত আইপিএলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে৷ তেওঁ লিখিছে- এইটো এটা বিশেষ দিন আৰু ই এক বিশেষ আৰম্ভণিও৷ কোৱা হয় প্রতিটো সমাপ্তিৰে এক নতুন আৰম্ভণি আছে৷ এগৰাকী আইপিএল ক্রিকেটাৰ হিচাপে মোৰ সময় আহি সমাপ্ত হ’ল৷ কিন্তু বিভিন্ন লীগত খেলৰ অন্বেষক হিচাপে মোৰ সময় আজিৰ পৰা আৰম্ভ হৈছে৷ বছৰ বছৰ ধৰি লাভ কৰা আকর্ষণীয় স্মৃতি আৰু সম্পর্কৰ বাবে সকলো ফ্রেনচাইজীক ধন্যবাদ জনাইছোঁ আৰু আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল আইপিএল আৰু বিচিচিআই তেওঁলোকে মোক এতিয়ালৈকে যিখিনি দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ৷

আইপিএলৰ ১৬টা বছৰত অশ্বিনে পাঁচটা দলৰ হৈ অৰিহণা আগবঢ়াইছিল৷ ২০০৯ত আইপিএলৰ দ্বিতীয় ছিজনত অভিষেক ঘটিছিল অশ্বিনৰ৷ চিএছকেৰ পৰা আৰম্ভ হোৱা যাত্রা চিএছকেৰ সৈতেই সমাপ্ত হয়৷ ২০২৫ চনৰ আইপিএলত চিএছকেৰ অন্যতম সদস্য অশ্বিনে ৰাইজিং পুনে ছুপাৰ জায়েণ্টছ, দিল্লী কেপিটেলছ, পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ হৈও মেচ খেলিছিল৷ ২২১খন আইপিএল মেচত অশ্বিনে ১৮৭টা উইকেটৰ লগতে এটা অর্ধশতকেৰে ৮৩৩ৰান কৰিছিল৷

You might also like