নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত Covid-19-সদৃশ ভয়াৱহ ৰোগৰ প্ৰাদুৰ্ভাৱ, আতংকিত অঞ্চলবাসী

Covid19ৰ দৰে আন এক ভয়াৱহ ৰোগৰ গ্ৰাসত পৰিছে মহানগৰীৰ ধীৰেনপাৰা অঞ্চল।অঞ্চলটোৰ সকলো লোকে এতিয়া খোজ কাঢ়ে খোৰা হৈ। মহানগৰীৰ ধীৰেনপাৰা উজ্বল নগৰত প্ৰাদুৰ্ভাৱ হৈছে এই অচিন ৰোগৰ।

ঘৰে ঘৰে দেখা দিছে এই ৰোগ। অঞ্চলটোৰ শতাধিকতকৈ অধিক লোক আক্ৰান্ত হৈছে এই ৰোগত। পৰিয়ালৰ এজনৰ হলে আটাইকেইজনৰে হয় এই ৰোগ।

জ্বৰ, চৰ্দি, গাঁঠিৰ বিষ, হাত ভৰি ফুলি যায়, খোজ কাঢ়িব নোৱাৰে আৰু খোৰাই খোৰাই খোজ কাঢ়ে অঞ্চলটোৰ লোকে। খজুৱতি, নাকৰ বৰণ সলনি হৈ কাৰ্বনৰ দৰে ৰং ৰূপ লয়।

এই ৰোগে সাধাৰণতে আতংকিত কৰি তুলিছে অঞ্চলটোৰ লোকসকলক। এতিয়া স্বাস্থ্য বিভাগে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হব।

Niyomiya Barta Desk, 28 August

You might also like