নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুধাকণ্ঠ ভূপেনদাৰ স্মৃতিত মুকলি হ’ব ১০০ টকীয়া মুদ্রা

সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ ড০ ভূপেন হাজৰিকাৰ স্মৃতিত মুকলি কৰা হ’ব ১০০ টকা মূল্যৰ বিশেষ মুদ্রা৷

এই সন্দর্ভত কেন্দ্রীয় বিত্ত মন্ত্রালয়ে জাৰি কৰিছে অধিসূচনা৷ কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপৰ বাবে সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৃতজ্ঞতা জ্ঞাপন কৰি লিখিছে– ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান৷ আপোনালোকক অৱগত কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ যে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী বিশেষ উপলক্ষত কেন্দ্রীয় চৰকাৰৰ বিত্ত মন্ত্রালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটা স্মৃতি মুদ্রা প্রস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে৷

লুইতৰ পাৰৰ বৰেণ্য শিল্পীগৰাকীক সদায়ে প্রাপ্য স্বীকৃতি দি অহা প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰক শতবার্ষিকী উদ্যাপনৰ এই বিৰল মুহূর্তক অধিক বিশেষ কৰি তোলা বাবে অসমবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

Niyomiya Barta Desk, 28 August

You might also like