ফৰকাটিং–নিউ তিনিচুকীয়া দ্বৈত ৰে’লপথ নিৰ্মাণৰ বাবে ধন অনুমোদন
অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ বাবে সুখবৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটত অসমৰ ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজত দ্বৈত ৰে’লপথ নির্মাণৰ প্রকল্পৰ বাবে ৩,৬৩৪ কোটি টকাৰ অনুমোদন জনায়৷
উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত ফৰকাটিং–নিউ তিনিচুকীয়া দ্বৈত ৰে’লপথৰ দৈর্ঘ্য হ’ব ১৯ কিলোমিটাৰ৷ যাত্রীবাহী আৰু মালবাহী ৰে’লৰ উভয়ৰে চলাচলৰ সক্ষমতা, গতি বৃদ্ধিত এই দ্বৈত ৰে’লপথে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷
উজনি অসম আৰু দেশৰ আন প্রান্তৰ মাজত ৰে’ল যোগাযোগত গুৰুত্বপূর্ণ ফৰকাটিং–নিউ তিনিচুকীয়া ছেক্সন৷ ৰাজধানী এক্সপ্রেছকে ধৰি বিভিন্ন ৰে’ল সেৱা চলি আছে এই ছেক্সনেৰে৷
Niyomiya Barta Desk, 28 August