পাঞ্জাবাৰীৰ যুৱক সন্ধানহীন
বিশেষ বাৰ্তা, ২৮ আগষ্ট : গুৱাহাটীৰ পাঞ্জাবাৰী নিৱাসী এজন যুৱক ২৭ আগষ্টত উলুবাৰীস্থিত আধাৰ কেন্দ্ৰলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ নাছিৰ আলীৰ ৩৪ বছৰীয়া পুত্ৰ আফতাৰ হুছেইনে ২৭ আগষ্টত উলুবাৰীস্থিত আধাৰ কেন্দ্ৰলৈ বুলি দিনৰ ১১ মান বজাত ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও যুৱকজনৰ কোনো শুং-সূত্ৰ নোপোৱাত পল্টন বজাৰ থানাত এখন এজাহাৰ দাখিল কৰে। ৫ ফুট ৬ ইঞ্চি উচ্চতাৰ আফতাৰে কফী ৰঙৰ ছাৰ্ট আৰু ক’লা ৰঙৰ পেণ্ট পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল। কোনো সদাশয় লোকে নিৰুদ্দিষ্ট আফতাৰৰ কোনো সম্ভেদ পালে 69014-63062 নম্বৰত যোগোযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।