নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা ! নেপাল হৈ বিহাৰত প্ৰৱেশ পাকিস্তান সমৰ্থিত ৩ জইচ সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক, ২৮ আগষ্ট : পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে পুনৰ ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে! সংগঠনটোৰ তিনি উগ্ৰপন্থীয়ে নেপাল হৈ বিহাৰত প্ৰৱেশ কৰাৰ লগে লগে এই আশংকা ঘনীভূত হৈছে। বিহাৰ আৰক্ষীক সকীয়াই দি এই কথা জনায় চোৰাংচোৱা সংস্থাই। ইয়াৰ পিছতে ৰাজ্যজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট।

চোৰাংচোৱা সংস্থাই জনোৱা মতে, উগ্ৰপন্থী তিনিজনৰ নাম হছনাইন আলী, আদিল হুছেইন আৰু মহম্মদ উছমান। তেওঁলোক ক্ৰমে পাকিস্তানৰ ৰাৱালপিণ্ডি, উমাৰকোট আৰু বাহাৱালপুৰৰ বাসিন্দা। জানিব পৰা মতে, আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত তেওঁলোকে কাঠমাণ্ডু পায়। তাৰ পৰাই যোৱা সপ্তাহত বিহাৰত প্ৰৱেশ কৰে ৩ উগ্ৰপন্থীয়ে। ইতিমধ্যে বিহাৰ আৰক্ষীয়ে তিনিওজন উগ্ৰপন্থীৰ ছবি প্ৰকাশ কৰি সমগ্ৰ ৰাজ্যজুৰি এক সতৰ্কবাণী জাৰি কৰিছে। কোনো লোকে সন্দেহজনক কিবা দেখা পালে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিবলৈ জনায় আৰক্ষীয়ে। ইতিমধ্যে উগ্ৰপন্থী বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে বিহাৰত ইতিমধ্যে অপাৰেচন সিন্দূৰৰ পিছত আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰাপত্তা কটকটীয়া কৰা হৈছে। মধুবনী, সীতামড়ী, সুপৌল, আৰৰিয়া, পূব আৰু পশ্চিম চম্পাৰণকে ধৰি সীমান্তৱৰ্তী অঞ্চল তীক্ষ্ণ নজৰত ৰখা হৈছে। বিহাৰৰ দিশে ভাৰত-নেপাল সীমান্তৰ প্ৰায় ৭২৯ কিলোমিটাৰ অঞ্চল উন্মুক্ত হৈ আছে। ফলত দীৰ্ঘদিন ধৰি ই অনুপ্ৰৱেশ আৰু চোৰাং ব্যৱসায়ৰ কেন্দ্ৰত পৰিণত হৈছে। এনে পৰিস্থিতিত পাকিস্তানী উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ ঘটনাই যথেষ্ট আলোড়ন বিয়পাইছে।

You might also like