নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ সংবাদ মাধ্যমত চর্চা অব্যাহত লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ

সংসদৰ মজিয়াত দিয়া ভাষণত পাকিস্তান মদতপুষ্ট সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলোৱা অপাৰেচন সিন্দূৰ সন্দর্ভত বিভিন্ন প্রশ্ণ উত্থাপন কৰা অসমৰ সাংসদ তথা লোকসভাৰ কংগ্রেছৰ উপ–দলপতি গৌৰৱ গগৈৰ চর্চা অব্যাহত আছে পাক সংবাদ মাধ্যমত৷

চিৰবৈৰী ৰাষ্ট্রখনৰ সংবাদ মাধ্যমে সাংসদ গগৈৰ যিকোনো বা–বাতৰি অতি গুৰুত্বসহকাৰে প্রকাশ কৰি আহিছে৷ এতিয়া পৰিস্থিতি এনেকুৱা পর্যায় পাইছেগৈ যে গৌৰৱ গগৈয়ে ইয়াতে মাৰে টিপা, পাকিস্তান পায়গৈ শিপা৷ সন্দেহযুক্ত বাংলাদেশী মিঞাৰ সমর্থনত সততে সৰৱ হৈ পৰা সাংসদ গগৈয়ে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধাচৰণ কৰা বাতৰিকো অতি প্রাধান্য দিয়া পৰিলক্ষিত হৈছে৷

এক কথা ক’বলৈ গ’লে পাক সংবাদ মাধ্যমৰ দৃষ্টিত তেওঁ হৈ পৰিছে ‘দ্য হিৰ’ অৱ পাকিস্তান’ চিৰবৈৰী ৰাষ্ট্রখনৰ টপ ডিজিটেল ২x৭, পি কে এন নিউজ, ইছলামাবাদ টাইমছ আদিত কার্যতঃ নায়কৰ ৰূপত সাংসদ গগৈ চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷

উল্লেখ্য যে সংসদত দিয়া ভাষণেৰে এটা নিশাৰ ভিতৰতে পাক সংবাদ মাধ্যমৰ নয়নৰ মণি হৈ পৰিছিল সাংসদ গগৈ৷ যিবোৰ প্রশ্ণৰ উত্তৰ পাকিস্তানে বিচাৰি আছিল, সেই প্রশ্ণসমূহ সংসদৰ মজিয়াত সাংসদ গগৈয়ে উত্থাপন কৰিছিল৷ সংসদত তেওঁ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ উদ্ধৃতিৰে অপাৰেচন সিন্দূৰত ভাৰতৰ কিমানখন যুদ্ধবিমান ধ্বংসপ্রাপ্ত হৈছে, অপাৰেচন সিন্দূৰ ভাৰতে কিয় আধাতে বন্ধ কৰি দিলে আদি দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পর্কীয় প্রশ্ণৰ উত্তৰ জানিব বিচাৰিছিল কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ পৰা৷

সাংসদ গগৈৰ এনে ভূমিকাত পাক সংবাদ মাধ্যম খুবেই অত্যুৎসাহী হৈ পৰা দেখা গৈছিল৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী ড০ শর্মাক সমালোচনা কৰি পাক সাংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই সাংসদ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা বুলি চিৰবৈৰী ৰাষ্ট্রখনৰ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে৷ সাংসদ গগৈয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে সম্পর্ক স্থাপন কৰি কিদৰে গোপনে চিৰবৈৰী ৰাষ্ট্রখনলৈ গৈছিল সেই সন্দর্ভতো পাক সংবাদ মাধ্যমে পৰিৱেশন কৰিছে বাতৰি৷

পাকিস্তানৰ সাংস্কৃতিক বা বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ পৰা নহয়, পোনপটীয়াকৈ সাংসদ গগৈয়ে গৃহ মন্ত্রালয়ৰ পৰাহে নিমন্ত্রণ লাভ কৰিছিল বুলি মুখ্যমন্ত্রী ড০ শর্মাই কৰা মন্তব্য সন্দর্ভতো পাক সংবাদ মাধ্যমে বাতৰি প্রকাশ কৰিছে৷ আনহাতে ৰাজনৈতিক পর্যবেক্ষক মহলে বিজেপি নেতৃত্বই বিভিন্ন স্পর্শকাতৰ ৰাষ্ট্রীয় বিষয়সমূহক ৰাজনৈতিক উদ্দেশ্যত কৰা বুলি উল্লেখ কৰি চিৰবৈৰী ৰাষ্ট্রখনৰ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰাও পৰিলক্ষিত হৈছে৷

Niyomiya Barta Desk, 29 August

You might also like