জনসংখ্যা–ধর্মান্তৰকৰণ-অনুপ্রৱেশক লৈ আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ মন্তব্য
জনসংখ্যা, ধর্মান্তৰকৰণ আৰু অনুপ্রৱেশৰ লেখিয়া স্পর্শকাতৰ বিষয়ক লৈ সৰৱ আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ৷ আৰএছএছৰ শতবার্ষিকী উপলক্ষে ৰাজধানী দিল্লীত সাংবাদিকক সম্বোধন কৰি আৰএছএছৰ মুৰব্বী ভাগৱতে কয়– দেশৰ প্রতিটো দম্পতীৰ তিনিটা সন্তান থকা উচিত৷ জনসংখ্যা বৃদ্ধি কিম্বা হ্রাসৰ বাবে নহয়, বৰঞ্চ এটা নির্দিষ্ট ভাৰসাম্য ৰখাৰ ওপৰত গুৰুত্ব দি প্রতিটো দম্পতীয়ে তিনিটা সন্তান জন্ম দিব লাগে৷
আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয়– আমাৰ দেশৰ জনসংখ্যা অনুযায়ী জন্মৰ হাৰ ২.১ হোৱা উচিত৷ গড় হিচাপে এয়া সঠিক৷ চিকিৎসকৰ সৈতে আলোচনাৰ মাধ্যমত জ্ঞাত যে তিনি সন্তান হ’লে কেৱল পিতৃ–মাতৃৰ স্বাস্থ্যৰ কাৰণেই নহয়, বৰং শিশুসকলে মিলিজুলি থাকিব পাৰে আৰু শিশুৰ মাজত অহংকাৰবোধ কমে৷ তদুপৰি জনসংখ্যাক এক সম্পদ হিচাপে উল্লেখ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে সঠিক নীতি অনুসৰি ইয়াক বোজা হিচাপে মানি নলৈ আশীর্বাদত পৰিণত কৰিব লাগে৷
ইয়াৰ প্রসংগৰে মোহন ভাগৱতে জনসংখ্যা নীতিৰ প্রয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দিয়ে যাতে প্রতিটো সন্তানৰে সঠিকভাৱে পৰিচর্যা নিশ্চিত হয়৷ জসংখ্যাগত ভাৰসাম্যহীনতাক লৈ উদ্বেগ প্রকাশ কৰি ভাগৱতে কয়– ইয়াৰ এটা প্রধান কাৰণ হ’ল ধর্মান্তৰ৷ ই ভাৰতীয় ঐতিহ্যৰ সংঘ নহয়, বৰং ই সমাজৰ বাবে ক্ষতিকাৰক৷ বিভাজন বা অন্য কোনো সংঘাততকৈয়ো জনসংখ্যাগত ভাৰসাম্যহীনতা এটা বৰ ডাঙৰ সমস্যা৷ আনপিনে অনুপ্রৱেশৰ দৰে স্পর্শকাতৰ বিষয় সন্দর্ভত ভাগৱতে কয় যে দেশৰ কাৰণে ই ক্ষতিকাৰক৷
গতিকে কঠোৰ হাতেৰে ইয়াক দমন কৰা উচিত৷ এই সন্দর্ভত দেশৰ নাগৰিকো সচেতন হোৱা উচিত৷ ইপিনে আৰএছএছ আৰু বিজেপিৰ মাজত সংঘাতৰ বিষয়টো উত্থাপন কৰি আৰএছএছৰ মুৰব্বী ভাগৱতে কয়– আৰএছএছ আৰু বিজেপিৰ মাজত কোনো সংঘাত নাই৷ সংঘই যিকোনো বিষয়ত পৰামর্শ দিব পাৰে৷ কিন্তু চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰে বিজেপিয়ে৷ কেন্দ্রত শাসনাধিষ্ঠিত নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ সৈতে সংঘৰ সু–সমন্বয় আছে৷ আৰএছএছৰ শতবার্ষিকী উদযাপন উপলক্ষে সংবাদ মাধ্যমত সম্বোধন কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি নির্বাচনক লৈ আৰএছএছ আৰু বিজেপিৰ মাজত সংঘাত হোৱা নাই বুলি দৃঢ়তাৰে মত ব্যক্ত কৰে৷
তদুপৰি আৰএছএছ আৰু বিজেপিৰ সংঘাতৰ প্রসংগত আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে এনেধৰণৰ মতভেদৰ কথা কেৱল দেখাত হয় যদিও দুয়োটা সংগঠনৰ মাজত সংঘাত হোৱা নাই৷ অৱশ্যে সংগ্রাম আছে৷ কিন্তু কাজিয়া নাই৷ কিয়নো দেশৰ ভালৰ বাবে লক্ষ্য একেই৷ আনপিনে প্রত্যেকখন চৰকাৰৰ সৈতে সু–সমন্বয় থকা বুলি উল্লেখ কৰি ভাগৱতে কয় যে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে সু–সমন্বয় থাকিলেও ব্যৱস্থা থাকে৷ গতিকে আভ্যন্তৰীণ দ্বিধা থাকিব পাৰে৷ ব্রিটিছৰ দ্বাৰা শাসনৰ বাবে গঢ়া ব্যৱস্থা সকলোৰে ক্ষেত্রত একে৷ গতিকে আমিও কিছু উদ্ভাৱন কৰিছো৷ আমি কিবা হোৱাটো বিচাৰো৷
যদিও আমাৰ কোনো ব্যক্তি আসনত থাকিলে এশ শতাংশই আমাৰ কাৰণে কৰিবলৈ বিচাৰে তাতো বাধা আহি পৰে৷ তেওঁ কৰিবলৈ সক্ষম হ’বও পাৰে, নহ’বও পাৰে৷ আমি তেওঁক স্বতন্ত্রতা দিছো৷ গতিকে তাত কোনো কাজিয়া নাই৷ লক্ষণীয় যে বিজেপিয়ে নতুন ৰাষ্ট্রীয় সভাপতি নির্বাচনক লৈ বিলম্ব হোৱা বিষয়টোত আৰএছএছ আৰু বিজেপিৰ মাজত সংঘাত হোৱা বুলি চলা চর্চাক নস্যাৎ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে বিজেপিয়ে সভাপতি নির্বাচনত সময় ল’ব পাৰে বুলি মত ব্যক্ত কৰে৷
Niyomiya Barta Desk, 29 August