নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত চোৰৰ অতপালি, চাইকেল থৈ চোৰে নিলে পালছাৰ বাইক

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : নগৰবেৰাত বাঢ়িছে চোৰৰ সন্ত্ৰাস | নগৰবেৰা আৰক্ষী থানাৰ অধীনস্থ মেধিপাৰা (শান্তিপুৰ)ত একেনিশাই চোৰে দোকানত চুৰি কৰাৰ সমান্তৰালকৈ লৈ গ’ল এঘৰৰ এখন পালছাৰ বাইক | পিছে বাইকখন নিলেও বাইকৰ সলনি চোৰে গৃহস্থলৈ বুলি এৰি গ’ল চোৰৰ দুখনকৈ চাইকেল |

মেধিপাৰাৰ হৰকান্ত কলিতাৰ দোকানৰ দুৱাৰৰ তলা ভাঙি বয়বস্তু লৈ যোৱাৰ উপৰি কেছ বাকচৰ পৰা প্ৰায় চাৰি হাজাৰ টকা লৈ যায় চোৰে | আনহাতে, মেধিপাৰা শগুণবাহীৰ মফিজুল হকৰ চোতালৰ পৰা পালছাৰ বাইক এখন চোৰে লৈ যায় যদিও বাইকৰ সলনি পৰিয়ালটোলৈ এৰি গ’ল দুখনকৈ চাইকেল | ঘটনা সন্দৰ্ভত আৰক্ষীৰে যোগাযোগ কৰিছে উভয়পক্ষই | দোকানত চুৰিৰ উপৰি বাইক নি দুখনকৈ চাইকেল থৈ যোৱা খবৰক লৈ এতিয়া চাঞ্চল্য বিয়পিছে অঞ্চলজুৰি |আৰক্ষীক চোৰ ধৰাৰ ক্ষেত্ৰত তৎপৰ হোৱাৰ আহ্বান জনাইছে ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like