🔹 বিধানসভাত গৃহীত মিজোৰাম ভিক্ষা নিষিদ্ধকৰণ বিধেয়ক–২০২৫
নিউজ ডেস্ক, ২৯ আগষ্ট : ভিক্ষা নিষিদ্ধ কৰাৰ নতুন আইন আনিব মিজোৰামে৷ বিৰোধী দলৰ তীব্র আপত্তিৰ মাজতে উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন ৰাজ্য হিচাপে মিজোৰাম বিধানসভাত গৃহীত হয় মিজোৰাম ভিক্ষা নিষিদ্ধকৰণ বিধেয়ক–২০২৫৷ এই বিধেয়ক গৃহীত হোৱাৰ পাছত চৰকাৰে দাবী কৰা মতে, ভিক্ষাৰীৰ পুনৰ সংস্থাপন, জীৱন–যাপনৰ মান উন্নয়ন আৰু সন্মানজনক জীৱিকাৰ সহায়ে এই বিধেয়কখনৰ লক্ষ্য৷
মিজোৰামৰ সমাজ কল্যাণ মন্ত্রী লালৰিন পুই প্রকাশ কৰা মতে, সাম্প্রতিক সময়ত ৰাজ্যখনত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াক লৈ চৰকাৰ উদ্বিগ্ণ আৰু চিন্তিত৷ গির্জা, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন চৰকাৰী প্রকল্পৰ সন্মিলিত উদ্যোগত ভিক্ষাৰীৰ সংখ্যা কিছু হ্রাস পাই আছে যদিও ৰাজ্যখনত বর্তমান থকা ভিক্ষাৰীৰ সংখ্যা উদ্বেগজনক৷
উল্লেখ্য যে অহা ১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মিজোৰামৰ ছাইৰাও ৰে’লপথ উদ্বোধনৰ পূর্বেই চৰকাৰখনে ভিক্ষাৰী নিষিদ্ধকৰণ বিধেয়ক গৃহীত কৰিছে৷ তাৎপর্যপূর্ণ যে ভাৰতত ভিক্ষা নিষিদ্ধ নহয়৷ কিন্তু কেইখনমান প্রদেশে নিজাববীয়াকৈ আইন প্রস্তুত কৰি ভিক্ষা নিষিদ্ধকৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ বিশেষকৈ মধ্যপ্রদেশে ভূপাল আৰু ইন্দোৰ জিলাত ভিক্ষা নিষিদ্ধ কৰিছে৷ এনে পৰিপ্রেক্ষিতত মিজোৰাম হৈছে দেশৰ প্রথম ৰাজ্য, যিখনে ভিক্ষা নিষিদ্ধকৰণৰ দিশে আগবাঢ়িছে৷