বিশেষ বাৰ্তা, ২৯ আগষ্ট : লখিমপুৰৰ বাইপাছত আজি পুৱাই এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্রায় ৮.৪০ বজাত সংঘটিত পথ দুর্ঘটনাটোত চাবতিস্থিত ছেইণ্ট মেৰীজ বিদ্যালয়ত দশম শ্ৰেণীত পঢ়ি থকা পাঁচগৰাকী ছাত্র গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা চন্দন ডেকা নামৰ ছাত্ৰগৰাকীৰ অৱস্থা বৰ্তমান অতি সংকটজনক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, জিলাখনৰ চিয়াজুলি প্ৰতাপগড় গাঁও নিৱাসী প্ৰমোদ শইকীয়াৰ পুত্ৰ তথা বিদ্যালয়খনৰ ছাত্র অংকিত শইকীয়াই আজি বিদ্যালয়লৈ বুলি দেউতাকৰ নামত পঞ্জীয়ন থকা এ এছ-০১ বি আৰ-১৭৬৫ নম্বৰৰ হোন্ডাই এমেজ বাহনখন লৈ আহি লখিমপুৰ নগৰ এলেকাত আন চাৰিগৰাকী বন্ধুক গাড়ীত উঠাই লৈ বাইপাছেৰে বিদ্যালয়লৈ বুলি গৈ থকা সময়ত বাইপাছত পূৰ্বৰে পৰা ৰখাই থোৱা এখন ট্রাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত বাহনখনৰ সন্মুখ ভাগ চূৰমাৰ হৈ পৰাৰ উপৰি ছাত্রকেইজন গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। দুৰ্ঘটনাটোত আহত হয় ক্ৰমে লখিমপুৰ নগৰৰ দাঁতিকাষৰীয়া হাঁহচৰা গাঁও নিৱাসী শিক্ষক জীৱন ডেকাৰ পুত্ৰ চন্দন ডেকা, ঘাৰমৰাৰ লক্ষীনাৰায়ণ দাসৰ পুত্ৰ সৌৰভজ্যোতি দাস, মাহৰা গাঁও নিৱাসী ৰঞ্জন কোঁৱৰৰ পুত্ৰ ভাৰ্গৱজ্যোতি কোঁৱৰ আৰু লখিমপুৰ নগৰৰ চি ডি ৰোড নিৱাসী প্ৰফুল্ল কলিতাৰ পুত্ৰ জ্যোতিৰ্ময় কলিতা। সম্প্ৰতি আহত ছাত্র সৌৰভজ্যোতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে বাকী চাৰিগৰাকী ছাত্র লখিমপুৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় দাস মাল্টিস্পেচিয়েলিটি হাস্পতালত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে দশম শ্রেণীৰ ছাত্রকেইগৰাকী এনেদৰে আহি দুৰ্ঘটনাত পতিত হোৱা ঘটনাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে আহত ছাত্রকেইগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।
প্ৰেৰক জীৱন গোস্বামী