নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীৰ শিক্ষাবিদ, লেখিকা পাৰ্বতী পাটোৱাৰীক প্ৰজ্ঞাশ্ৰী বঁটা প্ৰদান

ভাৰতী অধ্যয়ন চক্ৰ, ৰাজনন্দিনী ক’লাকেন্দ্ৰ লেখিকা সমাৰোহ সমিতিৰ অভিনন্দন জ্ঞাপন 

সৰ্থেবাৰী অঞ্চলৰ সৰবৰহী মহিলা তথা যশস্বী শিক্ষাবিদ সু লেখিকা,কবি সমালোচক সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ পাৰ্বতী পাটোৱাৰীক প্ৰজ্ঞাশ্ৰী বঁটা প্ৰদান কৰা হৈছে।

সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ন্যাসৰ যৌথ উদ্যোগত বহু কেইখন গ্ৰন্থৰ ৰচক প্ৰবন্ধকাৰ পাৰ্বতী পাটোৱাৰীক এই বঁটা প্ৰদান কৰা হৈছে। ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত কবি পাৰ্বতী পাটোৱাৰীক প্ৰজ্ঞাশ্ৰী বঁটা প্ৰদান কৰা হয়।

সঁচা অৰ্থতে প্ৰজ্ঞাৰ সাধক পাৰ্বতী পাটোৱাৰীক এই বঁটাৰে সন্মানিত কৰাত বৃহত্তৰ সৰ্থেবাৰী অঞ্চলত আনন্দৰ সৃষ্টি হৈছে।সৰ্থেবাৰী অঞ্চলৰ সংবাদ ক্ষেত্ৰখনৰ মহীৰূহ স্বৰূপ সাংবাদিক পেন্সনাৰ মৃণাল মল্ল পাটোৱাৰীৰ পত্নী তথা সমগ্ৰ অসমতে এগৰাকী দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ মাতৃ পাৰ্বতী পাটোৱাৰীয়ে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ হোৱাৰ লগতে অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা ভাৰতী অধ্যয়ন চক্ৰৰ প্ৰথম গৰাকী সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি সুনাম অৰ্জন কৰিছে।

সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প সম্পৰ্কত গৱেষণামূলক গ্ৰন্থ ৰচনা কৰা পাৰ্বতী পাটোৱাৰীয়ে সৰ্থেবাৰী আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰো সভানেত্ৰীৰ দায়িত্ব পালন কৰি আছে।অতি প্ৰখৰ বুদ্ধিৰ পাৰ্বতী পাটোৱাৰীয়ে সাহিত্যৰ লগতে সংগীত সাধনা কৰি আহিছে।আনক অনুপ্ৰেৰণা দি ভাল পোৱা পাৰ্বতী পাটোৱাৰীক প্ৰজ্ঞাশ্ৰী বঁটা প্ৰদান কৰাত সৰ্থেবাৰীৰ ভাৰতী অধ্যয়ন চক্ৰৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে ৰাজনন্দিনী ক’লাকেন্দ্ৰ,ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদল,সৰ্থেবাৰী আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰাও অভিনন্দন জ্ঞাপন কৰে।

ইপিনে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে পাৰ্বতী পাটোৱাৰীক এনে সন্মান আগবঢ়োৱা বাবে সদৌ অসম কবি মঞ্চক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাজৰ হকে,সাহিত্য-সাংস্কৃতিৰ হকে নিৰলস ভাৱে কাম কৰি থকা পাৰ্বতী পাটোৱাৰীক অভিনন্দন জ্ঞাপন কৰে।কাব্যনন্দিনী নিজৰা বৰ্মন ডেকা আৰু লেখিকা তথা সাংস্কৃতিক কৰ্মী প্ৰীতিমনি ডেকা ভূঞাই পাৰ্বতী পাটোৱাৰীক অভিনন্দন জ্ঞাপন কৰে।

নিয়মীয়াবাৰ্তা, সৰ্থেবাৰী, ২৯ আগষ্ট

You might also like