নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰ আৰক্ষীৰ জালত ছয় গভাইত চোৰ 

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : সোণাপুৰত যোৱানিশা এটা গভাইত চোৰৰ দলক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ চোৰৰ  দলটোৱে সোণাপুৰৰ মিলনপুৰত থকা ফ্লিপকাৰ্ট কুৰিয়াৰ চেণ্টাৰত সংঘটিত কৰিছিল চুৰিকাণ্ড ৷ যোৱা ২৬ আগষ্টত কুৰিয়াৰ চেন্টাৰটোৰ কাৰ্যালয়ৰ ভেল্টিলেচন ভাঙি তাৰ পৰা  নগদ ৪ লাখ টকাসহ বহু সামগ্রী চুৰি কৰিছিল দলটোৱে ৷
ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযান চলাই সোণাপুৰ থানাৰ অন্তৰ্গত নাজিৰাখাটৰ পৰা গ্রেপ্তাৰ কৰে ঘটনাৰ মূল অভিযুক্ত সনাতন কাঠাৰক ৷ পৰৱৰ্তী সময়ত সনাতন কাঠাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত সোণাপুৰৰ জালুকবাৰীৰ পৰা হেমন্ত বৰদলৈ (২১), গোলাঘাট দেৰগাঁৱৰ বিশ্বজিৎ বৰা (৩৩) আৰু যদুমণি তাঁতী (২৪), সোণাপুৰৰ জাৰগাঁৱৰ বিষ্ণু বড়ো (২৩) আৰু বিকু চেত্ৰী নামৰ আন ৫টা চোৰক গ্ৰেপ্তাৰ কৰে ৷ চোৰৰ দলটোৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত দুখন বাইকৰ লগতে নগদ ২.৬০ লাখ টকা, জোতা, কাপোৰ, ৬টা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে সনাতন কাঠাৰে ফ্লিপকাৰ্ট কুৰিয়াৰ চেন্টাৰটোত ডেলিভাৰী বয় ৰূপে কৰ্মৰত আছিল আৰু তেওঁৰ নেতৃত্বতে সমগ্ৰ চুৰিকাণ্ড সংঘটিত হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷  ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে ১৪২/২৫ নম্বৰত আৰু ৩০৫/৩৩(১৪) ভাৰতীয় ন্যায় সংহিতা আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি আটাইকেইজনকে জে’ললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷
প্ৰেৰক ৰমেশ দাস
You might also like