🔹 বিদেশী ন্যায়াধিকৰণত বিদেশী ঘোষিত
বিশেষ বার্তা, নগাঁও, ১ ছেপ্টেম্বৰ : প্রায় এসপ্তাহ ধৰি পলাতক হৈ থকা এগৰাকী বাংলাদেশী মহিলাক নগাঁৱৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই পলাতক বাংলাদেশী মহিলাগৰাকীক আশ্রয় দিয়া এগৰাকী চৰকাৰী বিষয়াক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্রতিক্রিয়াৰো সৃষ্টি কৰিছে৷
আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে, বিদেশী ন্যায়াধিকৰণ আদালতে নগাঁও জিলাৰ জুৰীয়াৰ মৃত আতাব উদ্দিনৰ পত্নী আহেদা খাতুনক বিদেশী বুলি ঘোষণা কৰিছিল৷ এই ৰায়ৰ বিৰুদ্ধে মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল৷ উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ আবেদন খাৰিজ কৰাত মহিলাগৰাকী পলাতক অৱস্থাত আছিল৷ এই বাংলাদেশী মহিলাগৰাকীক হোজাইত গাঁওৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে কর্মৰত চৰকাৰী বিষয়া তথা নগাঁও সদৰ থানাৰ অন্তর্গত কাটিমাৰীৰ মইনুদ্দিন আহমেদে নিজৰ ঘৰত আশ্রয় দিছিল৷ আৰক্ষীয়ে বাংলাদেশী এই মহিলাগৰাকীক গ্রেপ্তাৰ কৰিবৰ বাবে এসপ্তাহ ধৰি অভিযান চলাইছিল৷ এই মহিলাগৰাকীক আশ্রয় দিয়াৰ অভিযোগত চৰকাৰী বিষয়া মইনুদ্দিন আহমেদক পৰহি আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷
এইক্ষেত্রত নগাঁও সদৰ থানাত মইনুদ্দিনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে, ধৃত বাংলাদেশী মহিলা আহেদা খাতুনক গোৱালপাৰা জিলাৰ মাটিয়া ডিটেনচন কেম্পলৈ প্রেৰণ কৰিছে আৰক্ষীয়ে৷ এগৰাকী বাংলাদেশী নাগৰিকক এজন চৰকাৰী বিষয়াই আশ্রয় দিবলৈ কেনেকৈ সাহস পালে, তাক লৈ নগাঁৱৰ সচেতন মহলে প্রশ্ণ উত্থাপন কৰিছে৷