🔹 টেম্প’চালকে নমাই থৈ গৈছিল হাউলীত
বার্তা ব্যুৰ’, বৰপেটা, ১ ছেপ্টেম্বৰ : চিনাকি–অচিনাকি লোকক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কালি বৰপেটা জিলাৰ হাউলীত ১৩ ৰহিংগ্যা লোকক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
আটকাধীন ৰহিংগ্যাসকলৰ মাজত আছে ৩জন পুৰুষ আৰু ৩গৰাকী মহিলাৰ লগতে ৭টা শিশু আৰু কিশোৰ৷ শিশুকেইটাৰ বয়স ৩ বছৰৰ পৰা ১১ বছৰ বয়সৰ৷ আটকাধীন ৰহিংগ্যাকেইজনে জম্মু–কাশ্মীৰৰ পৰা দিল্লী হৈ ৰে’লেৰে বৰপেটালৈ আহিছিল৷ কালি বৰপেটাৰোড ৰে’ল ষ্টেচনত নামি ৰহিংগ্যাকেইজনে এখন টেম্প’ত ৰাষ্ট্রীয় ঘাইপথেৰে কোনো নির্দিষ্ট স্থানলৈ গৈ আছিল৷ কিন্তু টেম্প’চালকজনে যাত্রীকেইজন ৰহিংগ্যা বুলি জানিব পাৰি কোনো আইনী মেৰপেঁচত সোমাই পৰাৰ ভয়ত ৰহিংগ্যাকেইজনক হাউলী চিকিৎসালয়ৰ সমীপৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত নমাই থৈ আঁতৰি যায়৷ পৰৱর্তী সময়ত স্থানীয় লোকে অচিনাকি লোককেইজন সম্পর্কে আৰক্ষীক খবৰ দিয়ে আৰু হাউলী থানাৰ আৰক্ষীয়ে ৰহিংগ্যাকেইজনক আটক কৰি থানালৈ লৈ আহে৷ আৰক্ষীয়ে আটকাধীন ৰহিংগ্যাকেইজনক সোধা–পোছা চলায়৷
আৰক্ষীয়ে আটক কৰা ৰহিংগ্যাকেইজন হৈছে– মহম্মদ ৰফিক, নুৰ আলী, মহম্মদ আলম, আছিয়া খাতুন, চকুতাৰা বেগম, ছায়েদা খাতুন৷ আনহাতে ধৃত শিশুকেইটা হৈছে– কিছমৎআৰা বেগম, মিনাৰা বেগম, মহম্মদ ইব্রাহীম, হামিদ ৰেহমান, মহম্মদ ওছমান, মহম্মদ ইছমাহল আৰু আছমা তাৰা৷ ধৃত লোককেইজনে জনোৱা মতে, তেওঁলোকে ২০১২ চনত ভাৰতলৈ আহি জম্মু আৰু কাশ্মীৰত থাকিবলৈ লৈছিল৷
লক্ষণীয়ভাৱে ২০১২ চনৰ পৰাই ভাৰতত থকাৰ দাবী কৰা লোককেইজনৰ পৰা ২০২৪ চনৰ শৰণার্থী কার্ড উদ্ধাৰ কৰা হৈছে৷ ইপিনে, ৰহিংগ্যাকেইজনে পুনৰ বাংলাদেশৰ শৰণার্থী শিবিৰলৈ উভতি যোৱাৰ বাবে অসমলৈ অহাৰ দাবী কৰিছে যদিও আৰক্ষীৰ তদন্তত সকলো কথা স্পষ্ট হ’ব৷