আৱেগিক বুদ্ধিমত্তা
বর্তমান সময়ত বৌদ্ধিক সমাজত বিশেষভাৱে চর্চা লাভ কৰা এটি বিষয় হৈছে আৱেগিক বুদ্ধিমত্তা৷ আৱেগিক বুদ্ধিমত্তাই এগৰাকী ব্যক্তিক নিজৰ আৱেগ-অনুভূতিৰ প্রতি থকা সচেতনতা আৰু পৰিস্থিতি অনুসৰি নিজৰ আৱেগিক প্রতিক্রিয়াসমূহ সংযমী হৈ কৰাৰ কৌশল৷ ই নিজৰ আৱেগ পৰিচালনা কৰা আৰু চৌপাশৰ মানুহৰ আৱেগ অনুধাৱন কৰাৰ ক্ষমতাক বুজায়৷ ইয়াৰ পাঁচটা মূল উপাদান হৈছে– আত্মসচেতনতা, স্ব–নিয়ন্ত্রণ, প্রেৰণা, সহানুভূতি আৰু সামাজিক দক্ষতা৷ উচ্চ পর্যায়ৰ আৱেগিক বুদ্ধিমত্তাৰ অধিকাৰী ব্যক্তিসকলে তেওঁলোকৰ অনুভূতি, সেই অনুভূতিৰ অর্থ আৰু আৱেগবোৰে তেওঁলোকৰ আচৰণ তথা ব্যক্তিজনৰ ওপৰত কিদৰে প্রভাৱ পেলায়, তাক চিনাক্ত কৰিব পাৰি৷ ৯০ৰ দশকত পিটাৰ ছালভে আৰু জন ডি মেয়াৰে আৱেগিক বুদ্ধিমত্তাৰ তত্ত্ব প্রথমবাৰ উল্লেখ কৰিছিল৷ এই তত্ত্বক বিকশিত কৰিছিল ডেনিয়েল গোলমানে৷ তেওঁ আৱেগিক বুদ্ধিমত্তাৰ ধাৰণাটো সর্বসাধাৰণৰ মাজলৈ অনাত যথেষ্ট পৰিমাণে কৃতকার্য হয়৷ এই ধাৰণাটো আৱেগগত ভাগফল অথবা ই কিউ নামেৰে পৰিচিত৷ উচ্চ পর্যায়ৰ ই কিউৰ অধিকাৰী ব্যক্তিসকলে তেওঁলোকৰ কাম–কাজত আৱেগপ্রৱণতা প্রশ্রয় নিদিয়া যিকোনো কাম কৰাৰ পূর্বে গভীৰভাৱে চিন্তা–চর্চা কৰে৷ এই আৱেগিক বুদ্ধিমত্তাই সম্প্রতি ছাত্র–ছাত্রীসকলৰ ওপৰত বিশেষ প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ কিয়নো বর্তমানৰ জটিল পৰিস্থিতিত ছাত্র–ছাত্রীসকলৰ আৱেগিক বুদ্ধিমত্তা তথা ই কিউৰ বিকাশত সমান্তৰালভাৱে প্রাধান্য দিয়া অতিশয় গুৰুত্বপূর্ণ৷ বর্তমান সময়ত ইণ্টাৰনেটৰ জৰিয়তে সমগ্র বিশ্বৰ যিকোনো বিষয় ছাত্র–ছাত্রীয়ে চকুৰ পচাৰতে হাতৰ মুঠিত পাব পৰা অৱস্থাই দেখা দিছে৷ ইণ্টাৰনেটৰ জৰিয়তে শিক্ষার্থীসকলে সামাজিক মাধ্যমত নিমজ্জিত হৈ পৰা দেখা গৈছে৷ সময় আগবঢ়াৰ লগে লগে ছাত্র–ছাত্রীৰ মাজত সামাজিক মাধ্যমৰ প্রভাৱ বৃদ্ধি পাব ধৰিছে৷ সামাজিক মাধ্যমত চলি থকা বিভিন্ন ট্রেণ্ড অনুসৰণ কৰিবলৈ তেওঁলোকে ভাল পায়৷ তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে নিজকে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ থাকিব বিচাৰে৷ কিন্তু এইক্ষেত্রত বিফল হ’লে ছাত্র–ছাত্রী তথা যুৱপ্রজন্ম প্রায়ে হতাশ হৈ পৰা পৰিলক্ষিত হয়৷ এনে ক্ষেত্রতেই আৱেগিক বুদ্ধিমত্তাৰ বিষয়টো আহে পৰে৷
আৱেগিক বুদ্ধিমত্তাৰ অভাৱৰ ফলত মানসিক চাপৰ মাজত সোমাই পৰা ছাত্র–ছাত্রীসকলে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাত সমস্যাৰ সন্মুখীন হয়৷ কেৱল এয়াই নহয়, আৱেগিক বুদ্ধিমত্তাৰ অভাৱে তেওঁলোকৰ জীৱনত বিভিন্ন বেমেজালিৰ সৃষ্টি কৰে৷ শিক্ষার্থীসকলৰ জীৱনত আহি পৰা প্রতিদ্বন্দ্বিতাৰ বাবে তেওঁলোক প্রায়ে হতাশাগ্রস্ত হয়৷ বিশেষকৈ প্রয়োজনীয় পাঠ্যক্রম আয়ত্ত কৰিব নোৱাৰিলে, আশা কৰাতকৈ পৰীক্ষাত কম নম্বৰ লাভ কৰিলে, প্রয়োজনীয় সময়ত পাঠ্যক্রম সম্পূর্ণ কৰিব নোৱাৰিলে আদি বিভিন্ন কাৰণত ছাত্র–ছাত্রীৰ মনত হতাশাগ্রস্ততাই দেখা দিব পাৰে৷ আৱেগিক বুদ্ধিমত্তাৰ অভাৱৰ বাবে তেওঁলোকৰ মনত এনে অৱস্থাৰ সৃষ্টি হয়৷ আৱেগিক বুদ্ধিমত্তাৰ অভাৱৰ কাৰণেই কম নম্বৰ পালে ছাত্র–ছাত্রীয়ে পৰৱর্তী সময়ত অধ্যয়নৰ প্রতি আকর্ষণ হেৰুৱায় আৰু মনত ক্রমান্বয়ে এক ভীতিগ্রস্ততাৰ সৃষ্টি হয়৷ লাহে লাহে তেওঁলোকৰ মন বিফলতাৰে ভৰি পৰে আৰু আত্মবিশ্বাস হ্রাস পাবলৈ ধৰে৷ আৱেগিক বুদ্ধিমত্তাৰ অভাৱতে ছাত্র–ছাত্রীসকলে সময়ৰ পৰিৱর্তনৰ লগত খাপ খাবলৈ কষ্ট কৰিবলগীয়া হয়৷ সেইবাবে জীৱনৰ বিভিন্ন পর্যায়ত আহিব পৰা পৰিৱর্তনৰ সৈতে মিলি যাব পৰাকৈ আৱেগিক বুদ্ধিমত্তাৰ সৈতে জড়িত দিশবোৰ ছাত্র–ছাত্রীসকলে জনাৰ বাবে চেষ্টা কৰিব লাগে আৰু পিতৃ–মাতৃ তথা শিক্ষকসকলে এই বিষয়ে তেওঁলোকক শিকোৱাৰ বাবে পৰিৱেশৰ সৃষ্টি কৰিব লাগে৷ আৱেগিক বুদ্ধিমত্তাৰে বিকাশত গুৰুত্ব নিদিলে ছাত্র–ছাত্রীসকলে সময় অনুসৰি নিজৰ প্রতিক্রিয়া প্রকাশত ব্যর্থ হয়৷ বিশেষকৈ অন্য ব্যক্তিয়ে তেওঁলোকক সমালোচনা কৰিলে সততে বিব্রত হৈ পৰে আৰু উগ্র প্রতিক্রিয়া প্রকাশ কৰে৷ সাম্প্রতিক সময়ত শিক্ষানুষ্ঠানসমূহত শিক্ষার্থীসকলৰ মাজত কিছুমান অনাকাংক্ষিত সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ আৱেগিক বুদ্ধিমত্তাৰ অভাৱৰ বাবে একাংশ ছাত্র–ছাত্রীয়ে এনে সংঘাতত লিপ্ত হৈ পৰে৷ যিসকল ছাত্র–ছাত্রীৰ আৱেগিক বুদ্ধিমত্তাৰ বিকাশত গুৰুত্ব দিয়া হয়, অথবা তেওঁলোকে নিজেই এই দিশটোৰ প্রতি সচেতন হয়, তেনেহ’লে তেওঁলোকে অন্য ব্যক্তিৰ দৃষ্টিভংগীক বুজিবলৈ আৰু সন্মান কৰিবলৈ শিকে৷ আন ব্যক্তিয়ে প্রতিক্রিয়া প্রকাশ কৰিলে তেওঁলোকে তাক সহজভাৱে গ্রহণ কৰে৷ ছাত্র–ছাত্রীসকলৰ জীৱনত এক গুৰুত্বপূর্ণ দিশ হৈছে সঠিক সিদ্ধান্ত গ্রহণৰ কৌশল৷ যিসকলৰ আৱেগিক বুদ্ধিমত্তা থাকে তেওঁলোকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পাৰে৷ এই দক্ষতা নাথাকিলে সঠিক সিদ্ধান্ত লোৱা ছাত্র–ছাত্রীৰ বাবে বৰ সহজ নহয়৷ কিয়নো যিকোনো সিদ্ধান্ত গ্রহণ কৰাৰ সময়ত তেওঁলোকে পৰিস্থিতিৰ লগতে বিভিন্ন ব্যক্তিৰ দৃষ্টিভংগীৰ পর্যালোচনা কৰা আৱশ্যক৷ আৱেগিক বুদ্ধিমত্তাৰ অভাৱৰ বাবে অভিভাৱকৰ লগতে সতীর্থ আৰু শিক্ষয়িত্রীৰ লগতো বিতর্কত লিপ্ত হৈ পৰে৷ ছাত্র–ছাত্রীসকলে ভৱিষ্যৎ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি তেওঁলোকক সৰুৰে পৰা কৃত্রিম বুদ্ধিমত্তাৰ বিষয়ে জ্ঞান দিয়াৰ অতিশয় প্রয়োজন৷