ভাৰতৰ অর্ধপৰিবাহী বিপ্লৱ
🔹 অশ্বিনী বৈষ্ণৱ
প্রথম অৱস্থাত কম্পিউটাৰসমূহ আছিল একো একোটা বিশাল মেচিন, যিসমূহে এটা কোঠাৰ গোটেই ঠাই আগুৰি ধৰিছিল৷ তেতিয়া এইসমূহ ‘অন–অফ’ ছুইচৰ দৰে কাম কৰা হাজাৰ হাজাৰ ভেকুৱাম টিউবৰ সহায়ত চলিছিল৷ এইসমূহ আজি আমি ব্যৱহাৰ কৰা মসৃণ ডিভাইচসমূহৰ দৰে নাছিল৷ আজিলৈকে ক্ষিপ্রতাৰে আগুৱাই আহি আমি বহুত বেছি শক্তিসম্পন্ন আপোনাৰ–মোৰ নখতকৈও সৰু চিপৰ সময়ত উপনীত হৈছোঁ, যাক কোটি কোটি ট্ৰেষ্ট্রিৰে পৰিচালিত কৰে৷ এনে চিপসমূহে আপোনাৰ ম’বাইল ফোন, গাড়ী, ৰে’ল, ফ্রীজ, টিভি, স্কুটী, ফেক্টৰীৰ মেচিন, বিমান আৰু মহাকাশত গাইড ছেটেলাইটক চালিত কৰে৷ এতিয়া আপোনাৰ আঙুলিৰ স্মার্ট আঙঠিত খচিত এখন সৰু চিপেই আপোনাৰ হূদযন্ত্রক অনুসৰণ কৰে৷ এয়াই হৈছে অর্ধপৰিবাহীৰ যাদু৷
অর্ধপৰিবাহীয়ে প্রগতিক চালিত কৰিব
এখন ৰাষ্ট্র আগবাঢ়ি যাবলৈ হ’লে ইয়াৰ বিকাশত বৰঙণি আগবঢ়োৱা মূল খণ্ডসমূহত মনোনিৱেশ কৰিব লাগিব৷ এই মূল খণ্ডসমূহৰ ভিতৰত আছে তীখা, শক্তি, টেলিকম, কেমিকেল, পৰিবহণ আৰু অর্ধপৰিবাহী৷
অর্ধপৰিবাহী এনে এক গুৰুত্বপূর্ণ মৌলিক খণ্ড৷ আমি ব্যৱহাৰ কৰা প্রায় সকলো বস্তুৰ ভিতৰত লুকাই থকা ইঞ্জিনবোৰেই হৈছে ছেমিকণ্ডাক্টৰ৷ স্মার্টফোন, গাড়ী, ৰে’ল, চিকিৎসা আহিলা, প্রতিৰক্ষা ব্যৱস্থা, পাৱাৰগ্রিড, উপগ্রহ আৰু কৃত্রিম বুদ্ধিমত্তাক ই চালিত কৰে৷
অর্ধপৰিবাহী উদ্যোগটো এটা মূল উদ্যোগ৷ যেনেকৈ তীখা কাৰখানা, দলং আৰু ৰে’লপথ নির্মাণৰ ভিত্তি, ঠিক সেইদৰেই অর্ধপৰিবাহীও হৈছে ডিজিটেল অর্থনীতিৰ ভিত্তি৷ চিপ অবিহনে আধুনিক যোগাযোগ, ডাটা প্রচেছিং, এআই, নৱীকৰণযোগ্য শক্তি ব্যৱস্থা আৰু সুৰক্ষিত প্রতিৰক্ষা ব্যৱস্থা অসম্ভৱ৷ অর্ধপৰিবাহীৰ ডিজাইন আৰু উৎপাদন কৰিব নোৱাৰা এখন ৰাষ্ট্রই স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে নিজৰ অতিশয় মৌলিক প্রয়োজনীয়তাৰাজিৰ বাবে আনৰ ওপৰত নির্ভৰশীল হোৱাৰ সম্ভাৱনাই বেছি৷ সেয়ে অর্ধপৰিবাহীত শক্তিশালী হোৱাটো এটা উদ্যোগতকৈ বহুত বেছি গুৰুত্বপূর্ণ৷ ইয়াৰ ওপৰত আমাৰ ভৱিষ্যৎ নির্ভৰশীল৷
কৌশলগত আৰু ভূ–ৰাজনৈতিক প্রয়োজনীয়তা
ক’ভিড–১৯ মহামাৰীয়ে চিপৰ গুৰুত্বৰ কথা সোঁৱৰাই দিছিল৷ বিশ্বজুৰি চিপ যোগান শৃংখল দুর্বল হৈ পৰাৰ পৰিপ্রেক্ষিতত ভিন্ন উদ্যোগৰ উৎপাদনত প্রভাৱ পৰিছিল৷ এনে ব্যাঘাতৰ বাবে উৎপাদনত কোটি কোটি টকা লোকচান হৈছিল৷ অটো উদ্যোগ, নেটৱর্কিং ডিভাইচ, কনজুমাৰ ইলেক্ট্রনিকছ আদি খণ্ড বেছি ক্ষতিগ্রস্ত হৈছিল৷
অর্ধপৰিবাহী এতিয়া বিশ্বৰ ভূ–ৰাজনীতিৰ মূল হৈ পৰিছে৷ মাত্র কেইটামান অঞ্চলতহে চিপ উৎপাদন কার্য কেন্দ্রীভূত হোৱাৰ বাবে সৰু সৰু বিঘিনিয়েও সমগ্র বিশ্বকে প্রভাৱিত কৰিব পাৰে৷ এঠাইত বিদ্যুৎ ব্যৱস্থা বিকল হ’লে বা আন এঠাইত কাৰখানাত দুর্ঘটনা হোৱা মাত্রকে যোগান ব্যৱস্থা বন্ধ হৈ যাব পাৰে৷ ইয়াৰ পৰিণতিত উদ্যোগসমূহৰ কাম–কাজৰ গতি লেহেমীয়া হ’ব পাৰে আৰু সকলো স্থানতে অর্থনীতি তথা নিৰাপত্তাক প্রভাৱিত কৰিব পাৰে৷ শেহতীয়াকৈ আপুৰুগীয়া আর্থ মেগনেট গুৰুত্ব আৰোপ কার্যই গুৰুত্বপূর্ণ সম্পদৰাজিৰ ওপৰত নিয়ন্ত্রণে বৈশ্বিক শক্তিক কেনেদৰে গঢ় দিব পাৰে, তাকে প্রতিফলিত কৰিছে৷ একেদৰে অর্ধপৰিবাহীও ডিজিটেল যুগৰ এক গুৰুত্বপূর্ণ সম্পদত পৰিণত হৈছে৷
বর্ধিত চাহিদা
অর্ধপৰিবাহীৰ চাহিদা ভৱিষ্যতে বাঢ়িবহে৷ আমাৰ নিজস্ব ইলেক্ট্রনিকছ ব্যৱহাৰ আৰু ইয়াৰ উৎপাদন কার্য অভূতপূর্ব গতিৰে সম্প্রসাৰিত হৈছে৷ ভাৰতত আজি ৬৫ কোটিৰো অধিক স্মার্টফোন ইউজাৰ আছে আৰু আমাৰ ইলেক্ট্রনিকছ উৎপাদনে বছৰি ১২ লাখ কোটি টকা স্পর্শ কৰিছে৷ একে সময়তে আমি অর্ধপৰিবাহী চিপৰ প্রয়োজন হোৱা এআইভিত্তিক ব্যৱস্থা, ডাটা চেণ্টাৰ, বৈদ্যুতিক বাহন আদিও বিকশিত কৰিছোঁ৷ চাহিদা আৰু উদ্ভাৱন উভয়ৰে এনে উত্থানে ভাৰতৰ বাবে বৈশ্বিক অর্ধপৰিবাহী মূল্য শৃংখলত নিজৰ স্থান নিশ্চিত কৰা কার্যক অতিশয় প্রয়োজনীয় কৰি তুলিছে৷
মিছিং দ্য বাছৰ পৰা ভৱিষ্যতক চালিতকৰণলৈ
দশক দশক ধৰি ভাৰতে অর্ধপৰিবাহীৰ ক্ষেত্রত সুযোগ গ্রহণ কৰা নাই বুলি কোৱা হৈছিল৷ সেই কথা এতিয়া মিছা প্রতিপন্ন হৈছে৷ ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত ১০টা অর্ধপৰিবাহী প্রকল্পত অনুমোদন জনোৱা হৈছে৷ প্রকল্পসমূহ নির্মাণৰ কাম দ্রুতগতিৰে আগবাঢ়িছে৷ আজি আমি গৌৰৱেৰে ক’ব পাৰোঁ যে এই বর্ষতে প্রথমটো ‘মেড ইন ইণ্ডিয়া’ চিপ বজাৰলৈ আহিব৷ ইতিমধ্যে সানন্দত এটা ইউনিটৰ পাইলট প্রডাকচন লাইন আৰম্ভ হৈছে আৰু এবছৰৰ ভিতৰত আমি আৰু চাৰিটা ইউনিটে উৎপাদন আৰম্ভ কৰিব বুলি আশা কৰিছোঁ৷
এপ্লাইড মেটেৰিয়েলছ, লেম ৰিছার্চ, মার্ক আৰু লিণ্ডেৰ দৰে বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহে ফেক্টৰী আৰু যোগান শৃংখলক সহায় কৰাৰ ক্ষেত্রত বিনিয়োগ কৰিছে৷ এনে ব্যৱস্থাগত পদ্ধতিয়ে সংহতি আৰু মাত্রা নিশ্চিত কৰা প্রধানমন্ত্রীগৰাকীৰ পিএম গতি শক্তিৰ আন্তঃসংযোগী আন্তঃগাঁথনিৰ দর্শনকে প্রতিফলিত কৰে৷ এনে ব্যাপক মনোনিৱেশ কার্য আৰু স্পষ্ট কৌশলগত চিন্তাধাৰাৰ ফলশ্রুতিত আমি ইমান কম সময়ৰ ভিতৰতেই উল্লেখযোগ্য অগ্রগতি দেখিবলৈ পাইছোঁ৷ ভাৰতৰ ইতিহাসৰ বাছ ষ্টপত অপেক্ষা কৰি থকাৰ পৰা ভৱিষ্যতক চালিতকৰণলৈকে উত্থান ঘটিছে৷ আমাৰ ডিজাইন আৰু প্রতিভাৰ ব্যৱহাৰে এইক্ষেত্রত এটি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷
ডিজাইন আৰু প্রতিভা : ভাৰতৰ কৌশলগত ভিত্তি
নীতি আৰু বিনিয়োগ অতিশয় গুৰুত্বপূর্ণ হ’লেও ভাৰতৰ প্রকৃত ভিত্তি ইয়াৰ জনসাধাৰণৰ মাজতে নিহিত হৈ আছে৷ বর্তমান বিশ্বৰ ডিজাইন কর্মশক্তিৰ ২০ শতাংশৰো অধিক ভাৰতত আছে৷ অনুমান অনুসৰি অহা দশকৰ আৰম্ভণিতে বিশ্বত ১ নিযুতৰো অধিক ছেমিকণ্ডাক্টৰ প্রফেচনেলৰ নাটনি হ’ব বুলি আশা কৰা হৈছে৷ ভাৰত এই ব্যৱধান পৰিপূৰণৰ বাবে সাজু হৈছে৷ ৩৫০ প্রতিষ্ঠান আৰু ষ্টার্ট আপৰ ৬০,০০০ৰো অধিক ইউজাৰে চৰকাৰে বিনামূলীয়াকৈ আগবঢ়োৱা বিশ্বমানৰ ইলেক্ট্রনিক ডিজাহন অট’মেচন (EDA) আহিলা ব্যৱহাৰ কৰিছে৷ কেৱল ২০২৫তে ইয়াৰ ব্যৱহাৰে ১.২ কোটি ঘণ্টাৰো অধিক সময় অতিক্রম কৰিছে৷
চৰকাৰৰ ব্যাপক সমর্থনেৰে ষ্টার্ট–আপসমূহে ভাৰতৰ চিপ ডিজাইন ব্যৱস্থাক সুদৃঢ় কৰি তুলিছে৷ মাইণ্ডগ্র’ভ টেকন’লজীয়ে আইআইটি মাদ্রাজে থলুৱাভাৱে বিকশিত কৰা শক্তি (SHAKTI) প্রচেছৰৰ আধাৰত আইঅ’টি (IoT) চিপ প্রস্তুত কৰি আছে৷
আন এটা ষ্টার্ট–আপ নেট্ৰাছেমিয়ে শেহতীয়াকৈ অভিলেখ পৰিমাণৰ ১০৭ কোটি টকাৰ পুঁজি লাভ কৰিছে৷ ভাৰতৰ অর্ধপৰিবাহীৰ ডিজাইনৰ ক্ষেত্রত এয়া অন্যতম সর্ববৃহৎ ভিচি ইনফিউজন, যিয়ে খণ্ডটোলৈ বিনিয়োগকাৰীৰ বর্ধিত আস্থাকে প্রতিফলিত কৰে৷ ভাৰত চৰকাৰৰ ডিজাইন লিংকড ইনচেণ্টিভ (DLI) আঁচনিৰ অধীনত এনে বহু ষ্টার্ট-আপক লালন–পালন কৰা হৈছে৷
ক্লাছৰুমৰ পৰা ক্লীনৰুমলৈ
ম’হালিৰ ছেমিকণ্ডাক্টৰ লেব’ৰেটৰী (SCL)–ত ইতিমধ্যে ১৭খন শিক্ষানুষ্ঠানৰ কলেজীয়া ছাত্র–ছাত্রীয়ে ২০টা চিপ উৎপাদন কৰিছে৷ আগন্তুক মাহসমূহত এনেধৰণৰ অধিক চিপ উৎপাদন কৰা হ’ব৷ আন্তঃৰাষ্ট্রীয় সুবিধাসমূহৰ বাবে অধিক উৎপাদনৰ পৰিমাণ আৰু ব্যয়ৰ প্রয়োজনীয়তাৰ পৰিপ্রেক্ষিতত ইয়াৰ পূর্বে ছাত্র–ছাত্রীসকলে এনে কৰিব পৰা নাছিল৷ কিন্তু এতিয়া সেই বাধা দূৰ হৈছে৷ যুৱ উদ্ভাৱকসকলৰ সপোনক অনুধাৱনেৰে এছচিএলক আধুনিকীকৰণো কৰা হৈছে৷ ইয়াৰ জৰিয়তে ভাৰতৰ প্রতিভাই ক্লাছৰুমৰ পৰা ক্লীনৰুমলৈ গতি কৰাটো নিশ্চিত কৰা হৈছে৷
বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহেও ভাৰতৰ প্রতিভাৰ ক্ষেত্রত বিনিয়োগ কৰিছে৷ লেম ৰিছার্চে ভাৰতৰ ৬০,০০০ অভিযন্তাক প্রশিক্ষণ প্রদান কৰিবলৈ আগবাঢ়িছে৷ এপ্লাইড মেটেৰিয়েলছ, এএমডি আৰু মাইক্র’ চিপে গৱেষণা আৰু উন্নয়ন (R&D)ৰ বাবে ১.১ বিলিয়ন ডলাৰ বিনিয়োগৰ অংগীকাৰ কৰিছে৷ আইআইএছচি, আইআইটি আৰু আন আন উচ্চ শিক্ষানুষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্বই দক্ষ লেব–টু–ফেব (lab-to-fab) কর্মশক্তি নিশ্চিত কৰিছে৷ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্র, জাপান, ইউৰোপিয়ান ইউনিয়ন আৰু ছিংগাপুৰৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ভৱিষ্যতৰ বাবে সাজু দক্ষতাও গঢ়ি তুলিছে৷ স্থানীয় প্রতিভা আৰু বৈশ্বিক সহযোগিতাৰ এনে সংমিশ্রণে ভাৰতে যে কেৱল নিজৰ বাবেই নহয়, বৰঞ্চ বিশ্বৰ বাবেও গঢ়ি তুলিছে, সেই কথা নিশ্চিত কৰে৷
ডিজিটেল ইণ্ডিয়াৰ পৰা ছেমিকন ইণ্ডিয়ালৈ
ভাৰতৰ অর্ধপৰিবাহী যাত্রা হৈছে মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ এক বৃহত্তৰ দৃষ্টিভংগীৰ এটা অংশ৷ ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে ইয়াৰ আৰম্ভ হৈছিল৷ এই অভিযানৰ ফলশ্রুতিত ডিজিটেল আন্তঃগাঁথনি গঢ় লৈ উঠিছিল আৰু এই অভিযানে নাগৰিকসকলক সবল কৰি তুলিছিল৷ ইণ্ডিয়া ষ্টেক, ইউপিআই, আধাৰ আৰু আমাৰ টেলিকম নেটৱর্কে প্রতিজন ভাৰতীয়কে তেওঁলোকৰ হাতৰ মুঠিতে প্রযুক্তিৰ সুবিধা প্রদান কৰিছে৷
সমান্তৰালভাৱে আমি আমাৰ ইলেক্ট্রনিকছ উৎপাদন ব্যৱস্থাকো শক্তিশালী কৰি তুলিছোঁ৷ এতিয়া আমি অর্ধপৰিবাহী, ইলেক্ট্রনিক উপাদান আৰু আহিলাৰ বাবে এটি উৎপাদন ব্যৱস্থা বিকশিত কৰিছোঁ৷
আজিৰে পৰা আৰম্ভ হ’বলগীয়া ছেমিকন ইণ্ডিয়া সন্মিলন, ২০২৫ হৈছে এই যাত্রাৰে এক অংশ৷ আজি প্রধানমন্ত্রীয়ে এই সন্মিলন উদ্বোধন কৰিব৷ এই সন্মিলনত ৪৮খন দেশৰ ৫০০ৰো অধিক বিশ্ব উদ্যোগী নেতাই অংশগ্রহণ কৰিব৷ জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াৰ ডেডিকেটেড পেভিলিয়নে অর্থপূর্ণ সহযোগিতাক আগুৱাই নিব৷ ইয়াত আমি সমগ্র বিশ্বৰ উদ্যোগ আৰু যুৱ প্রতিভাৰ মাজত বি টু বি (B2B) আলোচনা, বুজাবুজিৰ চুক্তি (MoU) আৰু অংশীদাৰিত্বও সম্পন্ন কৰিম৷
‘প্রডাক্ট নেচন’
আমাৰ লক্ষ্য হৈছে ভাৰতক এখনি ‘প্রডাক্ট নেচন’ হিচাপে গঢ়ি তোলা৷ আমাৰ অর্ধপৰিবাহী প্রকল্পসমূহৰ উৎপাদনে কেৱল ভাৰতৰেই নহয়, বৰঞ্চ সমগ্র বিশ্বৰ টেলিকম, অট’ম’টিভ, ডাটা চেণ্টাৰ, কনজুমাৰ ইলেক্ট্রনিকছ আৰু ঔদ্যোগিক ইলেক্ট্রনিকছৰ দৰে গুৰুত্বপূর্ণ খণ্ডসমূহক সেৱা আগবঢ়াব৷ অহা দশকটোত আমাৰ অর্ধপৰিবাহী ইউনিটসমূহে পৰিপক্বতা আৰু মাত্রা লাভৰ লগে লগে ভাৰত সমগ্র অর্ধপৰিবাহী মূল্য শৃংখলৰ বাবে এটি প্রতিযোগিতামূলক কেন্দ্র হিচাপে আত্মপ্রকাশ কৰিবলৈ সাজু হৈছে৷