মহেন্দ্ৰ মোহন, সৰুসজাই,নেহৰু ষ্টেডিয়াম ক’ৰোনাৰ বাবে অস্থায়ী চিকিৎসালয় স্থাপন কৰা হ’বঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ আজি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে মোহন চৌধুৰী চিকিৎসালয়ত কোভিড ১৯ত আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে ১৫০ খন বিচনা চিহ্নিত কৰা হৈছে ৷ একমাত্ৰ প্ৰসূতিৰোগ তথা ইয়াৰে সৈতে সংলগ্ন বিভাগসমূহৰ ৰোগীৰ বাহিৰে চিকিৎসালয় খন আন সকলো ৰোগীৰ বাবে বন্ধ থাকিব ৷
লগতে সৰুসজাই-নেহৰু ষ্টেডিয়াম ক’ৰোনাৰ বাবে অস্থায়ী চিকিৎসালয় স্থাপন কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। দুয়োখন ষ্টেডিয়ামত প্ৰায় ১ হাজাৰ লোকক কুৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হ’ব।
আনহাতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে অসমত এতিয়ালৈকে এজনো লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই।
ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে সকলোকে ঘৰতে থাকি সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ জনায়।