নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত উত্তপ্ত পৰিস্থিতি, শূন্যলৈ গুলীচালনা

বকোৰ কালিয়াবড়ীত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি দেখি শূন্যলৈ গুলীচালনা কৰে বন বিভাগে। মূল্যৱান চেগুন কাঠ সৰবৰাহ কৰা বাহন এখন জব্দ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

AS01 EC 2561 TATA ACE নম্বৰৰ বাহনখনেৰে সৰবৰাহ কৰা হৈছিল বহু পৰিমাণৰ চেগুন কাঠ। কালিয়াবড়ীৰ একাংশ যুৱকে বাহনখন ৰখাই দেখে অবৈধ চেগুন কাঠখিনি। তাৰ পিছতে হঠাৎ ঘটনাস্থলীত উপস্থিত হয় বামুণীগাঁও বন বিভাগৰ এখন বাহন।

বন বিভাগে অসাধু ব্যৱসায়ীক সুৰক্ষা দিয়াৰ অভিযোগ কৰে স্থানীয় লোকে। ইয়াকে লৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। শূন্যলৈ এজাঁই গুলীচালনা কৰে বন বিভাগে। ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোকে লক্ষ্য কৰি লয় বাহনখন জব্দ কৰা যুৱকসকলক।

দুই-তিনিজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত। বন বিভাগে বিদ্যুৎ দাস নামৰ এজন যুৱককো আটক কৰে। আটক কৰা যুৱকজনক প্ৰহাৰ কৰা দৃশ্যও বন্দী বহুজনৰ ম’বাইলত। অৱশেষত ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী।

Niyomiya Barta Desk, 3 September

You might also like