নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত লাভ জেহাদ, আকবৰ আলীৰে পলাই গল তিনি বছৰীয়া সন্তানৰ মাতৃ

হাজোৰ ৰামদিয়াৰ এগৰাকী বোৱাৰীৰ লাভ জেহাদৰ বলি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে বোৱাৰীগৰাকী আকবৰ আলী নামৰ লোকজনৰ সৈতে পলাই যোৱা বুলি স্বামী দেৱজিৎ বেজবৰুৱাই অভিযোগ কৰিছে। বোৱাৰীগৰাকীৰ তিনি বছৰীয়া সন্তান এটিও আছে।

ভুক্তভোগী স্বামীয়ে ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। পুত্ৰ সন্তানটিক কোনো কাৰণতে ধৰ্মান্তৰিত হব নিদিয়ে পিতৃয়ে। সেয়েহে পুত্ৰ সন্তানটিক বিচাৰি উলিয়াই তেওঁৰ হাতত গতাই দিয়াৰ বাবে আৰক্ষীক দাবী জনাইছে ভুক্তভোগী পিতৃগৰাকীয়ে।

পত্নী পলাই যোৱাৰ ক্ষেত্ৰত মাতৃৰ পৰিয়ালৰ হাত আছে বুলি আন এক গুৰুতৰ অভিযোগ কৰিছে স্বামীয়ে। এতিয়ালৈকে ৰামদিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও মাতৃ-পুত্ৰক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

Niyomiya Barta Desk, 5 September

You might also like