নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত আন্তৰ্জাতিক শগুন সজাগতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ ছেপ্টেম্বৰ : দেশ-বিদেশৰ বিভিন্ন স্থানৰ লগতে আজি ঢকুৱাখনাতো আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন কৰা হয়। ঢকুৱাখনা সমজিলাৰ হাৰ্হি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত সজাগতা সভাখনত সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায় অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সভাপতি, পৰিৱেশ বিজ্ঞানী তথা পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকনে।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মানস জ্যোতি নেওগে আঁত ধৰা সভাখনত ফুকনে কয় যে পৃথিৱীৰ ভিতৰত এক নম্বৰ চাফাই কৰ্মী হ’ল শগুন। প্ৰাকৃতিক জামাদাৰ হিচাপে পৰিচিত এই শগুন এতিয়া এবিধ অতি সংকটাপন্ন জীৱ হিচাপে চিহ্নিত হৈছে। শগুনৰ বংশবৃদ্ধি দ্ৰুত হাৰত হ্ৰাস পোৱাৰ অন্যতম কাৰণ হিচাপে তেওঁ কেইবাটাও কাৰণ উল্লেখ কৰে। ইয়াৰ ভিতৰত বাহ সাজিবৰ বাবে শগুনে নিৰাপদ হিচাপে বিবেচনা কৰা পূৰ্ণবয়স্ক ওখ গছৰ অভাৱ, ডাইক্লোফেনাইক নামৰ ঔষধ ব্যৱহাৰ কৰা জীৱ-জন্তুৰ মৃতদেহ ভক্ষণ কৰা, জন্তুৰ মৃতদেহ মুকলি অঞ্চলত পেলাই কুকুৰ মৰিবৰ বাবে কীটনাশক ঔষধ ব্যৱহাৰ কৰা আৰু ৰে’লপথৰ ওপৰত থকা জন্তুৰ শ খাবলৈ গৈও ৰে’লৰ লাইনত শগুন মৰা আদি অন্যতম বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে ঢকুৱাখনাত ৫টা শগুনৰ বাহ আছে, শগুনে এবাৰত এটাহে কণী পাৰে আৰু শগুনৰ কণী ফুটি পোৱালি জগিবলৈ তিনি মাহ সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰে। সভাখনত আন এজন সমল ব্যক্তি হিচাপে অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ অমল চন্দ্ৰ দত্তয়ো বক্তব্য ৰাখে। নিজৰ বক্তব্যত ড০ দত্তই ২০০৬ চনত এটা আঘাতপ্ৰাপ্ত পোৱালি শগুন প্ৰায় তিনি মাহ কাল নিজৰ ঘৰৰ চৌহদতে লালন-পালন কৰি কামৰূপ জিলাৰ ৰাণীত থকা শগুন প্ৰজনন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে বহনক্ষম উন্নয়নৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। দুয়োজন বক্তাই শগুনৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ ফলত সৃষ্টি হোৱা সমস্যাবিলাকৰ কথাও আলোচনা কৰে। সজাগতা সভাত উপস্থিত শতাধিক ছাত্ৰ-ছাত্ৰীক শগুন সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে নিজে সচেতন হোৱাৰ লগতে নিজৰ অঞ্চলৰ নাগৰিকসকলক সজাগ-সচেতন কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ প্ৰথম শনিবাৰে আন্তৰ্জাতিক শগুন সজাগতা দিৱস পালন কৰা হয়। সজাগতা সভাখনত অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ কাৰ্যকৰী সভাপতি পৰমা দত্ত, সহকাৰী সম্পাদক হেমন্ত কুমাৰ বৰুৱা, শিক্ষানুষ্ঠানখনৰ সহকাৰী অধ্যাপকসকল ক্ৰমে ৰিণ্টু সন্দিকৈ, মানৱজ্যোতি হাজৰিকা ড০ জিতু কুমাৰ চমুৱা, শৰৎ চুতীয়া, হৰিপ্ৰসাদ চুতীয়া আৰু অজিত শৰ্মা আদি উপস্থিত থাকে।

You might also like