৩০টা পদকেৰে CBSE এথলেটিকছত DPS দুলীয়াজানৰ কৃতিত্ব
গুৱাহাটীৰ ৰয়েল গ্ল’বেল স্কুলত অনুষ্ঠিত CBSE ক্লাষ্টাৰ-১ এথলেটিকছ্ মিটত দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলে বিশেষ সফলতা লাভ কৰিছে। ৪৫খনতকৈও অধিক অংশগ্ৰহণকাৰী বিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিদ্যালয়খনে ব্যক্তিগত শাখাত ১৮ টা আৰু দলীয় শাখাত ১২ টা পদকেৰে সৰ্বমুঠ ৩০ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ।
তদুপৰি ডি পি এছ, দুলীয়াজনে সৰ্বাধিক স্বৰ্ণ পদক লাভ কৰাৰ লগতে ব্যক্তিগত আৰু দলীয় উভয় শাখাতে সৰ্বাধিক পদক লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে ২০ গৰাকী খেলুৱৈৰ ভিতৰত ১৯ গৰাকীয়েই পদক লাভ কৰিছে। ইয়াৰে ১৪ বছৰ অনুৰ্ধ শাখাত আয়ুষী হাজৰিকা আৰু সত্যম যাদৱৰ ৰূপ লাভ আনহাতে ঈশান শইকীয়া, ইশিকা সোণোৱাল, নুমিত সিং শইকীয়া, আৰু সত্যম যাদৱে একাধিক ব্ৰঞ্জৰ পদক লাভ কৰে।
১৭ বছৰ অনুৰ্ধ শাখাত বেলেভিয়া মৰাণ, দেবস্মিতা দেৱনাথ, আৰু সমীৰণ গগৈৰ স্বৰ্ণ লাভ, গ্ৰুপ ৰিলেত স্বৰ্ণ অংকুৰণ কটকী, সমীৰণ গগৈ, তথাগত বৰুৱা আৰু যুৱ জ্যোতিষ্মান মৰাণ। ১৯ বছৰ অনুৰ্ধ শাখাত মৃগাক্ষী গগৈয়ে দুটাকৈ স্বৰ্ণপদকৰ লগতে ৰিলেত ৰূপ আৰু অন্যান্য ইভেণ্টত ব্ৰঞ্জ লাভ কৰে।
তদুপৰি এইবাৰ ডিপিএছ, দুলীয়াজানৰ পৰাই সৰ্বাধিক ৯ গৰাকী প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় পৰ্যায়লৈ বাছনি লাভ কৰাৰ লগতে চিবিএছইৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ যোগ্যতা অৰ্জন কৰে। ক্ৰীড়া ক্ষেত্ৰত বিদ্যালয়খনে প্ৰদৰ্শন কৰা এই সাফল্যত উৎফুল্লিত হৈ অধ্যক্ষ ৰূপজ্যোতি শইকীয়া, উপাধ্যক্ষ তাপস কুমাৰ বৰা, আৰু প্ৰধান শিক্ষয়িত্ৰী জেনিফা সোভানে কৃতিমান খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে।
আনহাতে ক্ৰীড়া প্ৰশিক্ষক অৰুণ গুপ্তা আৰু ক্ৰীড়া শিক্ষয়িত্ৰী ৰূপমা সিঙক তেওঁলোকৰ বহুমূলীয়া প্ৰশিক্ষণ তথা সহযোগিতাৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ০৬ ছেপ্টেম্বৰ