দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন, আলোচনী ‘ঊষিকা’ উন্মোচন
দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে কালি মহাবিদ্যালয়ৰ পৰিয়ালে উদযাপন কৰে। ১৯৯২ চনত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনৰ ৩৪তম বৰ্ষপূৰ্ত্তিত পতাকা উত্তোলন কৰি অধ্যক্ষ ড০ উৎপল সুতে মহাবিদ্যালয় পৰিয়ালৰ সকলোলৈকে প্ৰতিষ্ঠা দিৱসৰ লগতে শিক্ষক দিৱসৰো শুভকামনা জ্ঞাপন কৰে।
তেওঁ অনাগত সময়ত সকলোৰে সহযোগিতাৰ লগতে ছাত্ৰীসকলৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যৰে মহাবিদ্যালয়খনক Dignified, Dedicated আৰু Digitalized অনুষ্ঠান এটালৈ উন্নীত কৰি তোলাৰ লক্ষ্যৰ কথা দোহাৰে। তেওঁ আশা কৰে দুলীয়াজান ছোৱালী মহাবিদ্যালয় এদিন নাৰী শিক্ষাৰ কেন্দ্ৰ হিচাপে জাকত জিলিকা হৈ মূৰ দাঙি থিয় হ’ব।
মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ পৰৱৰ্তী কাৰ্য্যসূচীত মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা প্ৰতিষ্ঠাপক অধ্যাপিকা ড০ লখিমী ফুকন, ইন্দিৰা বৰুৱাকে প্ৰমূখ্য কৰি প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত নিত্যা দত্তৰ পৰিয়ালৰ কেইবাগৰাকীও ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ গাম্ভীৰ্য বঢ়ায়। নিত্যা দত্তৰ কন্যা বন্তি বৰাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে।
নিমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ, পৰিচালনা সমিতিৰ সভাপতি ভূপেন শইকীয়া আৰু অন্যান্য সকলে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ৰ কথা সোঁৱৰি দিনটোৰ অনুভৱ ব্যক্ত কৰে। প্ৰাক্তন অধ্যক্ষা লখিমী ফুকনে তেওঁৰ বক্তব্যত প্ৰতিষ্ঠাৰ প্ৰথম দিনটোৰ কথা সোঁৱৰি উপস্থিত সকলোকে বহুতো নজনা কথা জানিবলৈ দিয়ে।
তেওঁলোকে অনুষ্ঠানটোলৈ নিমন্ত্ৰণ গ্ৰহণ কৰি আৱেগিক হৈ পৰা বুলিও মত পোষণ কৰে। প্ৰতিষ্ঠা কালৰ উপাধ্যক্ষ প্ৰয়াত যতীন তামুলীৰ সহধৰ্মিনী চন্দ্ৰলেখা তামুলীও অনুষ্ঠানটোত উপস্থিত থাকি নৱনিযুক্ত অধ্যক্ষগৰাকীক শুভকামনা জ্ঞাপন কৰি দুআষাৰ অনুভৱ ব্যক্ত কৰে।
মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা জয়শ্ৰী বৈশ্যই আঁত ধৰা এই অনুষ্ঠানতে উপস্থিত বিশিষ্ট অতিথিসকলৰ দ্বাৰা মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ আলোচনী ‘ঊষিকা’ৰো উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগতে ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰ সন্মানাৰ্থে আয়োজন কৰা অনুষ্ঠানৰ প্ৰাৰম্ভতে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ ‘গুৰু পূজন’ অনুষ্ঠানটোৱে দিনটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে।
ছাত্ৰীসকলৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীয়েও অনুষ্ঠানটোত ৰহণ চৰায়। উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ উৎপল সুত আৰু উপাধ্যক্ষ ডঃ যশস্যা বড়াৰ লগতে অন্যান্য বিভাগৰ শিক্ষাগুৰু, কাৰ্যালয়ৰ সহকাৰী লগতে সমূহ ছাত্ৰী আৰু গণ্য মান্য ব্যক্তিসকল।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ৬ ছেপ্টেম্বৰ