গুৱাহাটী প্ৰেছ ক্লাবৰ ১০ অক্টোবৰত সাধাৰণ নিৰ্বাচন, ৯ ছেপ্টেম্বৰত নিৰ্বাচনৰ অধিসূচনা জাৰি
২০২৫-২৭ বৰ্ষৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন ১০ অক্টোবৰত অনুষ্ঠিত হ’ব। লগতে ১১ অক্টোবৰত ভোটগণনা কৰা হ’ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব। আজি এই কথা গুৱাহাটী গ্রেছ ক্লাবত সংবাদ মেলত ঘোষণা কৰে গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে।
গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই জ্যেষ্ঠ সাংবাদিক গৌতম শর্মাক অধ্যক্ষ হিচাপে লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বর্ষৰ নির্বাচন সমিতি গঠন কৰি দিছে। নির্বাচন সমিতিৰ আন চাৰিগৰাকী সদস্য হৈছে ক্রমে জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী, জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক প্রশান্ত বল্লভ হাজৰিকা।
সংবাদ মেলত নির্বাচন সমিতিয়ে ঘোষণা কৰা মতে, ৯ ছেপ্টেম্বৰত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব আৰু সেইদিনাৰ পৰাই বলৱৎ হ’ব নির্বাচনী আচৰণবিধি।
আনহাতে ১০, ১১ আৰু ১২ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ ইচ্ছুকসকলে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা (নির্বাচন সমিতিৰ কাৰ্যালয়ৰ পৰা) মনোনয়ন-পত্র সংগ্ৰহ কৰিব পাৰিব। ১৪, ১৫ আৰু ১৬ ছেপ্টেম্বৰ মনোনয়ন-পত্র দাখিল কৰিব লাগিব।
১৮ ছেপ্টেম্বৰত মনোনয়ন-পত্ৰস পৰীক্ষা কৰা হ’ব। সেইদিনাই যোগ্য প্রার্থীসকলৰ তালিকা প্রস্তুত কৰা হ’ব।
মনোনয়ন-পত্র প্রত্যাহাৰৰ অন্তিম দিন ২০ ছেপ্টেম্বৰ। সেইদিনা পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন-পত্র প্রত্যাহাৰ কৰিব পাৰিব। এই বিষয়ে নির্বাচন সমিতিক লিখিতভাৱে অৱগত কৰিব লাগিব বুলি জনাই সংবাদ মেলত।
মনোনয়ন-পত্র প্রত্যাহাৰৰ যাৱতীয় প্ৰক্ৰিয়া সম্পূর্ণ হোৱাৰ পাছত প্রতিদ্বন্দ্বিতাত অবতীর্ণ হ’বলগীয়া প্রার্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব। ৮ অক্টোবৰৰ আবেলি ৪ বজাত নির্বাচনী প্রচাৰৰ অন্ত পৰিব।
১০ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব ভোটগ্রহণ পর্ব। ১১ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবতেই ভোটগণনা কৰা হ’ব।
গুৱাহাটী প্ৰেছ ক্লাবৰ সংবিধান অনুসৰি সভাপতি, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, সাংগঠনিক সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু ক্রীড়া সম্পাদকৰ এটাকৈ পদৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। উপ-সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ দুটাকৈ পদৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব।
একেদৰে উপ-সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ একোটাকৈ পদ মহিলা/তৃতীয় লিংগৰ প্রার্থীৰ বাবে সংৰক্ষিত। গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ নিয়ম অনুযায়ী প্রস্তুত কৰা আৰু সাধাৰণ সভাৰ অনুমোদন ক্রমে চূড়ান্ত কৰা ভোটাৰ তালিকাৰ ভিত্তিত অনুষ্ঠিত হ’ব ২০২৫-২৭ বর্ষৰ নির্বাচন।
Niyomiya Barta Desk, 6 September