🔹 ১৩ ছেপ্টেম্বৰত খানাপাৰাৰ অনুষ্ঠানত অংশ ল’ব প্রধানমন্ত্রীয়ে
ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনক লৈ চলা প্রস্তুতিৰ মাজতে অনুষ্ঠানত অংশগ্রহণৰ বাবে সুদূৰ আমেৰিকাৰ পৰা অসমত উপস্থিত হ’ল পুত্র তেজ হাজৰিকা আৰু তেওঁৰ পৰিয়াল৷
উল্লেখ্য যে অহা ১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে অনুষ্ঠিত কৰা হ’ব এক বিশাল অনুষ্ঠান৷ এহেজাৰ শিল্পীয়ে সুধাকণ্ঠৰ ১৪টা কালজয়ী গীত পৰিৱেশনেৰে অনুষ্ঠান জীপাল কৰাৰ লগতে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি উন্মোচন কৰা হ’ব এক বিশেষ গ্রন্থ৷ এই বিশাল অনুষ্ঠানৰ প্রস্তুতিৰ বুজ ল’বলৈ কালি খানাপাৰা খেলপথাৰত উপস্থিত হয় সাংস্কৃতিক মন্ত্রী বিমল বড়া৷
মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমত প্রকাশ কৰা অনুসৰি ১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীৰ উপস্থিতিত জন্ম শতবার্ষিকীৰ শুভাৰম্ভ হোৱাৰ লগতে এই অনুষ্ঠানতে ৭০ ঊর্ধ্বৰ পৰা কিশোৰ–কিশোৰীলৈ এহেজাৰ শিল্পীয়ে সুধাকণ্ঠৰ ১৪টা কালজয়ী গীত পৰিৱেশন কৰিব৷ বিভিন্ন প্রজন্মৰ শিল্পীৰ লগতে কেইবাজনো জ্যেষ্ঠ শিল্পীয়ে অংশগ্রহণ কৰিবলগীয়া এই গীত পৰিৱেশন অনুষ্ঠানৰ বাবে ইতিমধ্যে আখৰা পূর্ণগতিত চলি আছে৷ এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে বিশেষভাৱে ১,১০০জন লোকক আমন্ত্রণ কৰিব৷ ড০ ভূপেন হাজৰিকাৰ জীৱনৰ সময়ছোৱাত তেওঁৰ সান্নিধ্য লাভ কৰা এই ব্যক্তিসকলক প্রতিখন জিলাৰ পৰা খানাপাৰাৰ অনুষ্ঠানলৈ অতিথি হিচাপে আমন্ত্রণ জনোৱা হ’ব৷ তদুপৰি এই অনুষ্ঠানতে ১০০ টকাৰ মূল্যৰ এটা মুদ্রা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উন্মোচন কৰাৰ লগতে সুধাকণ্ঠৰ জীৱনাদর্শক সাঙুৰি বিশিষ্ট ঔপন্যাসিক অনুৰাধা শর্মা পূজাৰীয়ে লিখি উলিওৱা এখন গ্রন্থও উন্মোচন কৰা হ’ব৷
উল্লেখ্য যে ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে মুকলি কৰিছে এক বিশেষ প’র্টেল৷ যিসকল ব্যক্তিয়ে ১৩ ছেপ্টেম্বৰৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ ইচ্ছুক তেওঁলোকে এই প’র্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব৷ সেই অনুসৰিয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আবেদনকাৰীসকলৰ ঠিকনাত প্রেৰণ কৰা হ’ব নিমন্ত্রণী–পত্র৷
ইফালে, ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠান উদযাপনৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আন এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই অনুষ্ঠানতে সুধাকণ্ঠৰ গীতসমূহ পৰিৱেশন কৰিব ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ শিল্পীয়ে৷ ইতিমধ্যে কলাক্ষেত্রৰ বাকৰিত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ বাবে চলোৱা হৈছে পূর্ণ প্রস্তুতি৷
লক্ষণীয়ভাৱে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বাবে সুদূৰ আমেৰিকাৰ পৰা অসমত উপস্থিত হৈছে সুধাকণ্ঠৰ পুত্র তেজ হাজৰিকা আৰু তেওঁৰ পৰিয়াল৷ তেজ হাজৰিকাই কালি অসমত উপস্থিত হৈ পিতৃৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে৷ পুত্র তেজ হাজৰিকাৰ লগতে ভূপেন হাজৰিকাৰ নাতি চেজ হাজৰিকা আৰু তেওঁৰ মাতৃও উপস্থিত হৈছে গুৱাহাটীত৷ সুধাকণ্ঠ তথা পিতৃৰ জন্ম শতবার্ষিকীক লৈ যথেষ্ট উৎসাহিত হৈ পৰা পুত্র তেজ হাজৰিকাই সংবাদ মাধ্যমৰ আগত অসম চৰকাৰে লোৱা এই প্রয়াসৰ বাবে যথেষ্ট আনন্দিত বুলি প্রকাশ কৰে৷ তেওঁ কয়– পিতৃৰ গীতৰ পৰাই অসম তথা উত্তৰ–পূবৰ সম্পূর্ণ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ তেওঁৰ গীতে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ মাজত থকা সম্পর্ক, সংস্কৃতি–ভাষাক দাঙি ধৰে৷ এই বিষয়সমূহ গৱেষণাৰ প্রয়োজন৷
আনহাতে, সুধাকণ্ঠৰ নাতি চেজ হাজৰিকাই এনে অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সমূহ পৰিয়ালে ধন্য মানিছে বুলি উল্লেখ কৰি কয়– তেওঁৰ ককাকৰ সৃষ্টিৰাজিক এনেদৰে অসমবাসীয়ে তুলি ধৰাৰ যি প্রয়াস সেয়া অনন্য৷ এই অনুষ্ঠানৰ বাবে সুদূৰ আমেৰিকাৰ পৰা অসমলৈ অহাৰ আমি সুযোগ পালোঁ, তাৰ বাবেও অসম চৰকাৰ আৰু অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।