বকোত আলফা-ৰ নামত ধন দাবী, গ্ৰেপ্তাৰ শংকৰ ৰাভা
বকোত আলফাৰ নামত ধন দাবী কৰা এজনক গ্ৰেপ্তাৰ। বকো জাৰাপাৰাৰ পৰা গ্ৰেপ্তাৰ ভুৱা আলফা শংকৰ ৰাভাক। শংকৰ ৰাভাৰ ঘৰ গোৱালপাৰাৰ কৃষ্ণাইত।
উল্লেখ্য যে বনগাঁও কেম্পৰ ব্যবসায়ী অৰবিন্দ ৰয়ক দাবী দিছিল ১ লাখ টকা। দাবী কৰা ধন বকো জাৰাপাৰালৈ নিব আহিছিল শংকৰ ৰাভাই। তেনে সময়ত খাপপিটি থকা বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শংকৰ ৰাভাক।
বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী মুন্না পাচনিৰ নেতৃত্বত চলিছিল এই অভিযান। পূৰ্বেও অৰবিন্দ ৰয়ৰ পৰা ১ লাখ আদায় কৰিছিল শংকৰ ৰাভাই। সোমবাৰে সন্ধিয়া গ্ৰেপ্তাৰ হয় ভুৱা আলফা শংকৰ ৰাভা।
Niyomiya Barta desk, 9 September