নাবালিকাক ধ*ৰ্ষ*ণ লম্পট শিক্ষক আবেৰৰ, হাটশিঙিমাৰীত উত্তেজনা
হাটশিঙিমাৰীৰ কালাপানীত এগৰাকী শিক্ষকে সংঘটিত কৰিছে এক জঘন্য কাণ্ড। শিক্ষকগৰাকীৰ বিৰুদ্ধে নাবালিকা ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে পলাতক হৈ আছে অভিযুক্ত শিক্ষক আবেৰ আলী।
মানকাচৰ শিক্ষা খণ্ডৰ অধীনস্থ কালাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক উক্ত বিদ্যালয়ৰ আবেৰ আলী নামৰ এজন শিক্ষকে ধৰ্ষণ কৰা ঘটনাই শিক্ষক সমাজক লজ্জানত কৰিছে ৷
ঘটনা পোহৰলৈ অহাৰ পিছতে ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ লোকে মানকাচৰ থানাত এজাহাৰ দাখিল কৰি অভিযুক্ত শিক্ষক আবেৰ আলীক গ্ৰেপ্তাৰৰ দাবী জনায়। ইপিনে মানকাচৰ থানাত শিক্ষকগৰাকীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত শিক্ষক আবেৰ আলীক গ্ৰেপ্তাৰৰ কাৰণে অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰাই অভিযুক্ত শিক্ষক আবেৰ আলী নিজকে আত্মগোপন কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ৷
ইফালে ভুক্তভোগী পৰিয়িলক ধন দি সম্পূৰ্ণ ঘটনাটো গাপ দিয়াৰ বাবে উক্ত বিদ্যালয়ৰ CRCC আব্দুৰ নুৰে চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে ৷
চলিত মাহৰ ১ তাৰিখৰ পৰা অভিযুক্ত শিক্ষক আবেৰ আলী আৰু CRCC আব্দুৰ নুৰ বিদ্যালয়ত অনুপস্থিত থকাত বিদ্যালয়খনত পাঠদানৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ-ছাত্ৰীয়ে ৷
Niyomiya Barta desk, 9 September