বশিষ্ঠ নৈৰ দুয়োকাষে অবাধ বেদখল, প্রহসন জলাশয় বেদখলমুক্তৰ ঘোষণা
কৃত্রিম বান নিয়ন্ত্রণৰ লগত গুৱাহাটী মহানগৰী সৌন্দর্যবর্ধন আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে মহানগৰীৰ জলাশয়সমূহ বেদখলমুক্ত কৰাৰ প্রচেষ্টা সম্প্রতি প্রহসনত পৰিণত হৈছে৷
প্রশাসনৰ চকুৰ সন্মুখতে অবৈধ দখলদাৰী বাহিনীয়ে মহানগৰীৰ জলাশয় বেদখল কৰি ঘৰ–দুৱাৰ নির্মাণ কৰাৰ লগতে চৰকাৰী ভূমিত ঘৰ সাজি বহু লোকে ভাৰাঘৰৰ ব্যৱসায় আৰম্ভ কৰিছে৷ বিশেষকৈ মহানগৰীৰ উদয়াচল পাহাৰৰ পৰা বৈ অহা বশিষ্ঠ নৈৰ দুয়োকাষে শেহতীয়াকৈ চলিছে অবাধ বেদখল৷
বশিষ্ঠ নৈৰ দুয়োকাষে দখলদাৰীয়ে ঘৰ–দুৱাৰ সাজি বসবাস কৰাৰ লগতে একাংশই চৰকাৰী ভূমিত ঘৰ সাজি ব্যৱসায়িক প্রতিষ্ঠান চলাই থকা পৰিলক্ষিত হৈছে৷ ফলস্বৰূপে উদয়াচল পাহাৰৰ পৰা বৈ অহা ঐতিহাসিক বশিষ্ঠ নৈৰ সাম্প্রতিক সময়ত নলালৈ পর্যবসিত হৈছে৷
বেদখলকাৰীৰ কবলত পৰাৰ বাবেই এজাক বৰষুণতেই ওফন্দি উঠা বশিষ্ঠ নৈৰ পানীয়ে বৃহত্তৰ অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰা দেখা গৈছে৷ বশিষ্ঠ নৈৰ কাষত থকা নতুন বজাৰ, লতাকটা, পিলিংকাটা আদি অঞ্চলত সঘনাই কৃত্রিম বানে জনসাধাৰণৰ যাতায়াত ব্যৱস্থা বিঘ্ণিত কৰাৰ উপৰি লাখ লাখ টকাৰ সা–সম্পত্তি বিধ্বস্ত কৰিছে৷
নিতৌ ন ন অঞ্চল কৃত্রিম বানৰ কবলত পৰাৰ পিছতো প্রশাসনে ঐতিহাসিক বশিষ্ঠ নৈক বেদখলমুক্ত কৰাৰ ক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিকে আদি কৰি বিভিন্ন অৰাজনৈতিক সংগঠনে ঐতিহাসিক বশিষ্ঠ নৈখন বেদখলমুক্ত কৰিবলৈ দীর্ঘদিন ধৰি প্রশাসনক আবেদন জনাই আহিছে যদিও প্রশাসনে বশিষ্ঠ নৈ বেদখলমুক্ত কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰাত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে স্থানীয় বাসিন্দা৷
আনহাতে, একাংশই বশিষ্ঠ নৈৰ পাৰত ঘৰ সাজি সন্দেহযুক্ত লোকলৈ ভাৰা দিয়াৰো অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে বশিষ্ঠ নৈত কেৱল বেদখল কৰাই নহয়, একাংশই বশিষ্ঠ নৈত শৌচাগাৰৰ পাইপ পর্যন্ত সংস্থাপন কৰাত নৈৰ পানী প্রদূষিত হৈছে৷
এক কথাত পেলনীয়া আৱর্জনা পেলোৱা অঘোষিত ডাষ্টবিনত পৰিণত হৈছে বশিষ্ঠ নৈ৷ সেয়েহে এসময়ৰ মাছ–কাছেৰে ভৰা এই বশিষ্ঠ নৈখন বেদখলমুক্ত কৰাৰ উপৰি নৈখন নিষ্কাশন কৰিবলৈ প্রশাসনক ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনাইছে স্থানীয় বাসিন্দাই৷
Niyomiya Barta Desk, 10 September