নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিঠিত অংকিত নগ্ন নাৰীৰ ছবিক লৈ তোলপাৰ হোৱাইট হাউছ

মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে প্রয়াত মার্কিন ধনকুবেৰলৈ লিখা যৌনগন্ধী চিঠি আৰু চিঠিখনত অংকিত নগ্ন নাৰীৰ ছবিক লৈ তোলপাৰ হোৱাইট হাউছ৷ প্রয়াত মার্কিন ধনকুবেৰ জেফ্রী এপষ্টেইনক লৈ পুনৰ বিতর্কৰ সময়তে হোৱাইট হাউছৰ অভাৰছাইট কমিটীৰ ডেম’ক্রেটে প্রকাশ কৰিছে ধনকুবেৰলৈ লিখা যৌনগন্ধী চিঠি৷ য’ত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ আছে৷

ইয়াৰ পূর্বেও এই চিঠিক লৈ বিতর্ক হৈছিল আৰু ট্রাম্পে অস্বীকাৰ কৰি চিঠিখন প্রকাশ কৰা দ্য ৱাল ষ্ট্রীট জার্নেলৰ বিৰুদ্ধে ১০ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতিপূৰণ গোচৰ ৰুজু কৰিছিল ট্রাম্পে৷ ইয়াৰ পাছতো পুনৰ ট্রাম্পৰ এই চিঠিখনক লৈ হোৱাইট হাউছত তোলপাৰ লাগিছে৷

২০০৩ চনত এপষ্টেইনৰ ৫০সংখ্যক জন্মদিনত বহুতেই শুভেচ্ছা বার্তা দিছিল৷ তাৰ মাজত ড’নাল্ড ট্রাম্পো আছে৷ ট্রাম্পে যিখন চিঠি পঠিয়াইছে তাত এগৰাকী নগ্ন নাৰীৰ ছবি অঁকা আছিল৷

লক্ষণীয় যে ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে অনেক মহিলাৰ সৈতে যৌন সম্পর্ক স্থাপনৰ লগতে যৌন নির্যাতনৰ অভিযোগো আছে৷ পর্ণষ্টাৰক ধন আদায় দি মুখ বন্ধ কৰিব খোজা অভিযোগো আছে ট্রাম্পৰ বিৰুদ্ধে৷

এনে অভিযোগত জড়িত ট্রাম্পৰ যৌনগন্ধী চিঠিক লে হোৱাইট হাউছ তোলপাৰ লাগিলেও পাছলৈ ই শিথিল হৈ পৰিব৷

Niyomiya Barta Desk, 10 September

You might also like