নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল সময়ৰ কুটিল সত্যৰে জুৰি বৰা বৰগোহাঞিৰ ‘চিঞৰ’

ড০ নয়নজ্যোতি ভূঞা

প্রায় সকলো উচ্চ শিক্ষিতৰে এক সপোন হ’ল কঠোৰ পৰিশ্রম, অধ্যৱসায়, নিৰন্তৰ সাধনা আৰু গৱেষণাৰ জৰিয়তে লাভ কৰিব পৰা বিদ্যায়তনিক জীৱনৰ সর্বোস্ব সন্মান ডক্টৰেট ডিগ্রীটো৷ এই ডিগ্রীটো কাৰোবাৰ বাবে চাকৰি নিশ্চিতকৰণৰ মাপকাঠী৷ গৱেষণাৰ পথত, অনেক তিক্ত–মধুৰ অভিজ্ঞতাৰ অন্তত একোজন উচ্চ শিক্ষিত ব্যক্তিয়ে এই সন্মান লাভ কৰে৷ গৱেষণা কৰা প্রতিজন ব্যক্তিয়েই সন্মুখীন হ’বলগীয়া হয় কিছুমান অনিবার্য পৰিস্থিতিৰ৷

এইসমূহ পৰিস্থিতিও একপ্রকাৰৰ ধৈর্যৰেই পৰীক্ষা৷ মুঠৰ ওপৰত গৱেষণা–কর্ম এক পবিত্র যজ্ঞ, কঠোৰ তপস্যাতুল্য সাধনা৷ অৱশ্যে স্থান, কাল, পাত্র অনুসৰি প্রতিজন গৱেষকৰে অভিজ্ঞতা ভিন ভিন হয়, সেয়া স্বাভাৱিক কথা, কিন্তু সাম্প্রতিক সময়ত দুই–এক গৱেষণাগুৰুৰ স্খলিত চৰিত্রজনিত অনৈতিক কার্যই এই পবিত্র সাধনাৰ ক্ষেত্রখনক কলুষিত কৰিছে৷ শিক্ষাগুৰুৰ পবিত্র আৰু স্বচ্ছ ভাবমূর্তিত কলংক সানিছে, তাৰ সংবাদে সমাজত ক্ষতিকাৰক বাতাৱৰণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ তাৰ উপৰি কোনোবা এজন বা দুজন গাইডৰ এনে কলংকৰ কুফল ছাত্র–ছাত্রীৰ লগতে সৎ চৰিত্রৱান, নিজৰ পবিত্র কর্তব্যত নিকা ভাবমূর্তিৰে নিয়োজিত গুৰুসকলেও ভুগিবলগীয়া হয়৷

সমস্ত উচ্চ শিক্ষাৰ ক্ষেত্রখনৰ প্রতি সমাজৰ সন্দেহৰ দৃষ্টি পৰিলক্ষিত হয়৷ গৱেষণা–গুৰুৰ দৰে এক উচ্চ মর্যাদাসম্পন্ন স্থানত অভিষিক্ত হৈও, শিক্ষাদানৰ দৰে সৎ বৃত্তিত নিয়োজিত থাকিও, এই সকলো পাহৰি নিজৰ ইন্দ্রিয় ক্ষুধাৰ দৰে ক্ষুদ্র স্বার্থ পূৰণত গুৰুত্ব আৰোপ কৰা এনে শিক্ষাবিদৰ বাবে সমস্ত উচ্চশিক্ষাৰ ক্ষেত্রখনেই কলংকিত হৈ পৰে৷

নিজৰ বৌদ্ধিক উৎকর্ষৰে সফলতাৰ চূডান্ত শৃংগত আৰোহণ কৰাৰ সুবাদতে, কোনোবা একোজন গাইডে নিজৰ অসংযত চাৰিত্রিক দুর্বলতাৰে গোটেই প্রক্রিয়াটোকে কলুষিত কৰি পেলায়৷ ই সাম্প্রতিক সময়ৰ উচ্চ শিক্ষাৰ ক্ষেত্রখনৰ বাবে এক ব্যাধিস্বৰূপ হৈ দেখা দিছে৷ তদুপৰি এনে গাইডৰ খেয়ালী মানসিকতাৰে বলি হ’বলগীয়া হয় কোনোবা দুর্ভগীয়া গৱেষক৷ সকলো এই বিষয়টোক আধাৰ হিচাপে লৈ সাম্প্রতিক সময়ৰ জনপ্রিয় ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে নির্মাণ কৰিলে ‘চিঞৰ’ নামৰ উপন্যাসখন– য’ত শিৱানু ভট্টাচার্য নামৰ এজন অধ্যাপক, একাডেমিচিয়ান তথা গাইডৰ নৈতিক স্খলনৰ কাহিনী পতিয়নযোগ্যকৈ বিবৃত হৈছে৷

প্রথমে আপত্তি কৰিলেও পিছলৈ ডক্টৰেট ডিগ্রীৰ স্বার্থত লেউসেউ হৈ পৰা গৱেষক ছাত্রীৰ সৈতে অভ্যস্ত হৈ হৈ ভট্টই সেইখিনিতেই ভুলটো কৰি পেলাইছে, যেতিয়া ডেলহি বিশ্ববিদ্যালয়ৰ জলপানিৰ মোহ পর্যন্ত ত্যাগ কৰি অসমত গৱেষণা কৰিবলৈ অহা কঠোৰ পৰিশ্রমী, অধ্যয়নপিপাসু ৰাণু পাতৰকো একে বুলি ভাবি নিজৰ বাসনা চৰিতার্থ কৰিবলৈ উদ্যৎ হৈছে৷পুথিগত জ্ঞানত বিদগ্ধ আৰু কূট–কৌশলত সিদ্ধহস্ত ভট্টাচার্যৰ মনলৈ অহাই নাই যে সকলো গৱেষকেই থাপনা বৰুৱাৰ দৰে সহজলভ্য নহয়৷ অধ্যয়নৰ কোনো আওভাও নোপোৱাকৈয়ে কেৱল প্রমোচন আৰু নামৰ আগত ডক্টৰ লিখি ৰাজনীতিকৰ পৰিয়ালৰ গৰিমা বঢাবলৈকে ব্যক্তিত্বশূন্য অথচ শৰীৰী সৌন্দর্যৰে ভৰপূৰ থাপনা বৰুৱাই ভট্টাচার্যৰ ইচ্ছাত সঁহাৰি জনাই নিজৰ ইচ্ছা পূৰণ কৰিছে৷

থেছিছখন লিখি দিয়াৰ পৰা বাইণ্ডিং কৰি এক্সপার্টলৈ পঠিওৱালৈকে, ভাইভাৰ এক্সপার্ট ঠিক কৰালৈকে সকলো কৰি দিয়াৰ বিনিময়ত নিজক গাইডৰ হাতত এৰি দিয়াটো থাপনা দৰে শুচি–সংযমহীন, সংস্কাৰহীন, সহজলভ্য নাৰীৰ বাবে কোনো ডাঙৰ কথা নহয়৷ অথচ ছলনাময়ী থাপনাৰ চলা–কলা বুজিব পৰাকৈ, গৱেষক ছাত্রৰ সপোনক লৈ খেয়ালী মনেৰে খেল খেলি খেলি অভ্যস্ত, উচ্চশিক্ষিত অধ্যাপক ভট্টাচার্য যে বাস্তৱজ্ঞানৰহিত এজন অপৰিপক্ব খেলুৱৈ, সেই সত্য বুজি পাবলৈ ভট্টাচার্যৰ সৰহ পৰ লগা নাই৷ স্বার্থ সিদ্ধিৰ পাছত এই থাপনায়েই ৰূপ সলনি কৰি ৰাজনীতিবিদৰ পৰিয়ালয়ৰ ভব্য বোৱাৰী হৈ পৰিছে৷

থাপনাৰ বাবে নিষ্ফল হাহাকাৰ কৰি বলিয়াৰ দৰে হোৱা ভট্টাচার্যৰ মুখত ই এক প্রচণ্ড প্রহাৰ৷ থাপনাৰ বাবেই গৱেষক ছাত্র অৰুণ তেৰণ অথবা ৰাণু পাতৰ উপেক্ষাৰ পাত্র৷ গাইড ভট্টাচার্যৰ ৰোষৰ বলি হৈছে স্কলাৰ অৰুণ৷ ভালকৈ এপানী বাই, অৰুণক আদবাটতে গাইড সলনি কৰিবলৈ নির্দেশ দিছে৷ ডিপার্টমেণ্টৰেই আন এগৰাকী চতুৰ সহকম্ বৰঠাকুৰৰ চতুৰালিতগৱেষণাৰ বিষয় সলনি কৰি কম দিনৰ ভিতৰতে গৱেষণাকর্ম সম্পন্ন কৰাৰ যো–জা কৰি অৰুণ গুচি যাবলগীয়া হৈছে৷ গাইডৰ অহেতুক অসন্তুষ্টিৰ বলি হোৱা অৰুণ যেন সেইসকল দুর্ভগীয়া ছাত্রৰ প্রতিভূ৷ অথচ কোনোবা গৱেষক ছাত্রীয়ে গুৰু–শিষ্যৰ পবিত্র সম্পর্কত কলংক সানিবলৈ উদ্যত ভট্টাচার্যৰ সেই নিষদ্ধ ইচ্ছাক ওফৰাই, মুখা খুলি, সমস্ত সন্মান ধূলিসাৎ কৰি পেলাব পাৰে বুলি ৰাণু পাতৰৰ সৈতে হোৱা অভিজ্ঞতাৰ পূর্বে ভট্টই কল্পনাই কৰিব পৰা নাছিল৷

ক্ষমতাৰ বাঘজৰীৰে পৰিৱেষ্টিত এক সমাধানবিহীন জটিল পৰিস্থিতিৰ আউল ভাঙিবলৈ অক্ষম হৈ গৱেষণা আধাতে সামৰি স্বকীয় ব্যক্তিত্ব আৰু প্রজ্ঞাৰ মর্যাদা অক্ষুণ্ণ ৰাখি, এক স্বাধীন জীৱনৰ সম্ভাৱনা আগত ৰাখি ৰাণু পাতৰ ঘৰলৈ উভতি গৈছে৷ ভিতৰুৱা বহু কুটিল সত্য দেখি–শুনি হতভম্ব হৈ, পুনৰ ডেলহি বিশ্ববিদ্যালয়লৈ উভতি যোৱাৰ সিদ্ধান্ত লৈ ৰাণু পাতৰে অসমৰ বিশ্ববিদ্যালয়খন ত্যাগ কৰিছে, নিজৰ ওচৰত সৰু নোহোৱাকৈ৷

বিশ্ববিদ্যালয়ৰ চাকৰি ইস্তফা দি নতুনকৈ পতা বিশ্ববিদ্যালয়খনৰ ভি চি হৈ ভট্টাচার্য গুচি যোৱা ভট্টাচার্য মন্ত্রী মহাদেৱ শর্মাৰ তৎপৰতাত সাৰিও গৈছে৷ মান–সন্মান ধূলিসাৎ হৈ ক’তো মুখ উলিয়াব নোৱৰা অপবাদেও ভট্টাচার্যক বিধ্বস্ত কৰিব পৰা নাই, বিধ্বস্ত কৰিছে পত্নী পূৰৱীক৷ স্বামীৰ ক্রিয়া–কলাপ সকলো ফটফটিয়া হৈ পৰিলেও, ৰাণু পাতৰক হাডে–হিমজুৱে চিনি পালেও, নিজে তচনচ হৈ গ’লেও, একমাত্র পুত্র নৱনীলৰ স্বার্থত, নিজৰ সংসাৰখন নিজঞ্জালকৈ চলি থকাৰ স্বার্থত, নিজৰ ওচৰত সৰু হৈও পূৰবীয়েও ৰাণু পাতৰৰপৰা সঁচাক মিছা আৰু মিছাক সঁচা কৰাৰ প্রতিশ্রুতি দাবী কৰিছে৷ ৰাণুৱে স্পষ্টকৈ ব্যক্ত কৰিছে, ‘‘মেম, মই দৈহিক সম্পর্কৰ প্রস্তাৱটো প্রত্যাখ্যান কৰিলোঁহেঁতেন৷ ইমানকৈ হুলস্থূল নকৰিলোঁহেঁতেন৷ কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছিল মোক থেছিছ লিখি দিম বুলি কোৱাটোত৷ ছেক্সৰ বিনিময়ত পি.এইচ.ডি. থেছিছ কেনেকৈ সম্ভৱ?’ (পৃ.২৬৯)৷ হতভম্ব ৰাণুৰ এই উক্তিয়েই উপন্যাসৰ অভিপ্রেত বক্তব্য৷

এনেদৰেই ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে উপন্যাস ‘চিঞৰ’ত উন্মোচন কৰিছে উচ্চশিক্ষাৰ জগতখনত চলি থকা, ঘটি থকা কেতবোৰ কুটিল কদর্য সত্য–যি সত্যই নিকা ভাবমূর্তিৰ শিক্ষাবিদলৈকো সন্দেহৰ আঙুলি টোঁৱাব পাৰে, অথবা কোনোবা শিক্ষাজগতখনক দাগ লগাবলৈ ছিদ্র বিচাৰি ফুৰা সুযোগসন্ধানীৰ সন্মুখত অভিপ্রেত এখন দুৱাৰ মুকলি কৰি দিব পাৰে৷ বিষয়বস্তুৱে কেৱল উচ্চশিক্ষাৰ জগতখনকে সামৰিলেও দৰাচলতে সমগ্র শিক্ষা জগত অথবা আন আন বৃত্তিসমূহতো এনে ঘটনাৰ অভাৱ নাই৷ সাহিত্যত সৰসভাৱে প্রতিবিম্বিত এনেবোৰ বিষয়ে সমাজকজোকাৰি যায়৷

ফোনঃ ৯৩৬৫৩–৭৬৫০৮

You might also like