নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : কামৰূপৰ নগৰবেৰাত সুধাকণ্ঠ, ভাৰতৰত্ন প্ৰয়াত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰে| শুকুৰবাৰৰ সন্ধিয়াৰ পৰা অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২২ বছৰ অনূৰ্ধ্বৰ কেইবাগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে |
সেইসকলৰ ভিতৰত বিচাৰকে ছমৰীয়া সত্ৰৰ হিয়াস্মিতা কলিতাক প্ৰথম স্থান, জ্ঞানমজ্যোতি সদাগৰ ২য় স্থান আৰু কৃতাৰ্থ দৰ্শন চৌধুৰীয়ে তৃতীয় স্থান লাভ কৰে | একেদৰে মুনমি দেৱী (বেলতলা, গুৱাহাটী), লিজা নাথ (নগৰবেৰা)লৈ নিচুকনি বঁটা আগবঢ়োৱা হয় | বঁটা বিজয়ীসকলক শুকুৰবাৰে সন্ধিয়াৰ ভাগতেই ট্ৰফী, মানপত্ৰ আৰু নগদ ধন আগবঢ়োৱা হয় | নগৰবেৰা উঃ মাঃ বিদ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত আয়োজন কৰা এই সংগীত প্ৰতিযোগিতা |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস