নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলী : আক্ৰমণৰ দায়িত্ব ল’লে গোল্ডি ব্ৰাৰ গেঙে

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : বলীউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলীচালনা! শুকুৰবাৰে উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি ৪ৰ পৰা ৫ ৰাউণ্ড গুলী চলোৱা হয়। ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ গোল্ডি ব্ৰাৰ গেং আৰু ৰোহিত গোদাৰাই। হিন্দু ধৰ্মাৱলম্বী সাধু প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধাচাৰ্য মহাৰাজক অপমান কৰাৰ বাবেই এই আক্ৰমণ কৰা হৈছে বুলি জনোৱা হৈছে।

বিগত ২৯ জুলাইত দিশা পাটানীৰ ভনী অৱসৰপ্ৰাপ্ত মেজৰ খুশবু পাটানীয়ে প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধাচাৰ্য মহাৰাজক লৈ এক মন্তব্য কৰিছিল। মহিলাসকলৰ বিষয়ে উক্ত সন্তসকলৰ বক্তব্যৰ বিপক্ষে প্ৰতিবাদ কৰিছিল তেওঁ। যদিও পাছত তেওঁ সেই পোষ্টটো আঁতৰাই পেলায়। পৰিস্থিতি শান্ত হৈ থাকিলেও শুকুৰবাৰে পুৱাই দিশাৰ পিতৃ প্ৰাক্তন আৰক্ষী অধিকা‌ৰী জগদীশ পাটানীৰ ঘৰলৈ লক্ষ্য কৰি আক্ৰমণ চলোৱা হয়। বাইকত আহি কেইজনমান লোকে গুলীচালনা কৰে। যদিও এই ঘটনাত কোনো হতাহত হোৱা নাই, তথাপি অঞ্চলটোৰ পৰিৱেশ আতংকিত হৈ পৰে। জগদীশ পাটানীয়ে এই ঘৰতেই পৰিয়ালৰ সৈতে বাস কৰে।

আক্ৰমণৰ পাছতে কুখ্যাত গোল্ডি ব্ৰাৰ গেঙৰ সদস্য ৰোহিত গোদাৰাই সামাজিক মাধ্যমত এটা পোষ্ট কৰি আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। ফেচবুকত তেওঁ লিখে- সাধু প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধাচাৰ্যৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিশোধ হিচাপে দিশাৰ ভনী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া খুশবু পাটানীৰ উদ্দেশ্যি এই আক্ৰমণ। তদুপৰি পোষ্টত সতৰ্কবাৰ্তা দি কোৱা হয়- ভৱিষ্যতে যদি কোনোবাই ধৰ্ম বা সাধু–সন্তৰ বিৰুদ্ধে মন্তব্য কৰে, তেন্তে তেওঁলোকে চৰম পৰিণতি ভোগ কৰিব লগা হ’ব। অৱশ্যে কিছু সময়ৰ পিছত ৰোহিত গোদাৰাই সেই পোষ্ট আঁতৰাই পেলায়, তথাপি তাৰ স্ক্ৰীনশ্বট প্ৰচাৰ হৈ আছে।

ইপিনে, এই আক্ৰমণৰ পাছত প্ৰশাসন সতৰ্ক হৈছে। এছএছপি অনুৰাগ আৰ্যই জানিবলৈ দিয়ে যে ঘটনাটো একেবাৰে সাধাৰণভাৱে লোৱা হোৱা নাই। দিশাৰ পিতৃৰ ঘৰত তীক্ষ্ণ সুৰক্ষা ব্যৱস্থা কৰা হৈছে। অপৰাধীক ধৰাৰ বাবে এছপি চিটি আৰু এছপি ক্রাইমৰ নেতৃত্বত পাঁচটা দল গঠন কৰা হৈছে। সকলো চিচি টিভি ফুটেজ পৰীক্ষা কৰা হৈছে। শীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশ্বাস দিছে আৰক্ষীয়ে।

You might also like