কাইলৈ এছিয়া কাপ -ৰ ভাৰত–পাকৰ হাইভল্টেজ মেচ : এতিয়াও বিক্রী হোৱা নাই সৰহসংখ্যক টিকট
নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ক্রিকেট বিশ্বত ভাৰত–পাকিস্তানৰ মেচ মানেই এক অনন্য উন্মাদনা৷ ২২ গজত ভাৰত–পাকিস্তান মানেই গেলাৰীভর্তি ষ্টেডিয়ামত উন্মাদ দর্শকৰ ভিৰ৷ এয়া ক্রিকেট বিশ্বৰ এক পৰিচিত দৃশ্য৷ পিছে এইবাৰ ইউএইত ভাৰত–পাক মেচৰ এই পৰিচিত দৃশ্য নেদেখাৰ সম্ভাৱনাই অধিক৷
ইউএইত চলি থকা এছিয়া কাপৰ নিজৰ প্রথম মেচত বিস্ফোৰক জয়েৰে ভাৰতে প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিছে৷ এতিয়া ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷ এছিয়া কাপ আৰম্ভ হোৱাৰ পূর্বৰে পৰা ভাৰত আৰু পাকিস্তান মেচক কেন্দ্র কৰি সৃষ্টি হৈছিল বহু জল্পনা–কল্পনাৰ৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণ আৰু তাৰ পিছৰ অপাৰেচন সিন্দূৰৰ প্রসংগৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ক্রিকেট মেচত অৱতীর্ণ হ’ব নালাগে বুলি বহু লোকে মত প্রকাশ কৰি আহিছে৷ প্রতিযোগিতাখনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অংশ নল’ব বুলিয়ে চর্চাও চলিছিল৷ কিন্তু ক্রীড়া মন্ত্রালয়ৰ সেউজ সংকেত লাভ কৰাৰ পিছত এই মেচখন অনুষ্ঠিত হোৱাটো প্রায় নিশ্চিত হৈ পৰে৷
লক্ষণীয়ভাৱে এই পর্যন্ত এছিয়া কাপৰ মেচসমূহত ষ্টেডিয়ামত অনুৰাগীৰ অভাৱে এছিয়ান ক্রিকেট কাউঞ্চিল (এচিচি)ৰ চিন্তা বৃদ্ধি কৰিছে৷ তেনে পৰিস্থিতিত ১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত অনুৰাগীৰ ভিৰ আশা কৰিছিল এচিচিয়ে৷ কিন্তু এই মেচখনৰ প্রতিও অনুৰাগীয়ে বিশেষ আগ্রহ প্রকাশ কৰা নাই৷ আনকি মেচখনৰ আধা টিকটো এতিয়াও বিক্রী হোৱা নাই৷ বহু প্রতীক্ষিত মেচখনক লৈ মাজতে মাথোঁ এটা দিন বাকী থকা অৱস্থাত এতিয়াও মেচখনৰ সৰহসংখ্যক টিকট বিক্রী হোৱা নাই৷ দুই দেশৰ মাজৰ সংঘাতেই ইয়াৰ প্রধান কাৰণ হিচাপে দেখা গৈছে৷ পিছে প্রাক্তন ভাৰতীয় ক্রিকেটাৰ আকাশ চোপ্রাই আন এক গুৰুত্বপূর্ণ কাৰণো আগবঢ়াইছে৷ তেওঁ দাবী কৰে যে এই প্রতিযোগিতাত ভাৰতীয় দলৰ দুই কিংবদন্তি তাৰকা বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ অনুপস্থিতিৰ বাবে অনুৰাগীয়ে বিশেষ আকর্ষণ লাভ কৰা নাই৷ সেয়ে ভাৰত–পাকিস্তান মেচখনৰ টিকট আশা কৰা ধৰণে বিক্রী নোহোৱা বুলি তেওঁ দাবী কৰে৷ নিজ যুক্তিৰ সমর্থনত তেওঁ বিৰাট কোহলিয়ে ৰঞ্জি ট্ৰফীৰ মেচ খেলিবলৈ লোৱাৰ সময়তো ষ্টেডিয়ামখন প্রায় ভৰি পৰিছিল বুলি আঙুলিয়াই দিয়ে৷
প্রাক্তন ক্রিকেটাৰগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে টিকটৰ মূল্য অতি ব্যয়বহুল হোৱা বাবে অনুৰাগীয়ে সন্ধিয়া মেচখন উপভোগৰ ক্ষেত্রত কোনো অসুবিধা পোৱা বুলিব নোৱাৰি৷ ৰোহিত আৰু কোহলি থকা হ’লে কমেও ১০ হাজাৰৰ পৰা ১৫ হাজাৰ লোকে খেল চাবলৈ আহিলহেঁতেন বুলি তেওঁ লগতে কয়৷