নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : কেৱল দেশৰ ৰাজধানী নতুন দিল্লীতেই নহয়, সমগ্র দেশতেই ফটকা–আতচবাজী নিষিদ্ধৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ৷
দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত ফটকা বিক্রী, জমা ৰখা, সৰবৰাহ কৰা আৰু নির্মাণ কৰাৰ নিষেধাজ্ঞাক লৈ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই কয় যে যদি ৰাজধানী চহৰ আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চলৰ পৰিচ্ছন্ন বায়ুৰ অধিকাৰ আছে তেতিয়াহ’লে দেশৰ আন চহৰৰ নাগৰিকৰ কিয় নাথাকিব! যদি দিল্লীত এই নিয়ম আছে তেতিয়াহ’লে সমগ্র দেশতে থকা উচিত৷ দেশৰ অভিজাত শ্রেণীৰ লোকে বসবাস কৰাৰ বাবেই আমি কেৱল দিল্লীৰ কাৰণে এই নীতি প্রস্তুত কৰিব নোৱাৰোঁ৷
ইপিনে, উচ্চ নিৰাপত্তা ব্যৱস্থা থকা অঞ্চলসমূহত ভিডিঅ’গ্রাফী আৰু ফটোগ্রাফী নিষিদ্ধ কৰে সর্বোচ্চ ন্যায়ালয়ে৷ শীর্ষ আদালতৰ চৌহদকে ধৰি উচ্চ নিৰাপত্তা থকা অঞ্চলসমূহত এতিয়াৰে পৰা ভিডিঅ’গ্রাফী আৰু ফটোগ্রাফী সম্পূর্ণকৈ নিষিদ্ধ কৰা হৈছে বুলি সর্বোচ্চ ন্যায়ালয়ে নির্দেশ দিয়ে৷ সাংবাদিকসকলেও নিৰাপত্তা কম থকা অঞ্চলতহে নিজৰ দায়িত্ব পালন কৰিব পাৰিব৷