মৰিগাঁও জিলা কাৰাগাৰত কয়দীৰ মৃত্যু, আছিল POCSO গোচৰত অভিযুক্ত
মৰিগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ এজন অভিযুক্তৰ মৃত্যু হৈছে।
POCSO গোচৰত অভিযুক্ত ছফিকুল ইছলাম নামৰ যুৱকজনৰ ঘৰ নগাঁও জিলাৰ গৰৈমাৰীত।
পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি নিশা প্ৰায় ২ বাজি ৫৫ মিনিটত মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষই দেউতাকলৈ ফোন কৰি ছফিকুল ইছলাম শাৰীৰিক অসুস্থ বুলি জানিব দিয়াৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে আহিবলৈ কয়।
পুৱতি নিশা মাক-দেউতাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ছফিকুল ইছলামক চিকিৎসাধীন অৱস্থাত দেখাৰ পৰিৱৰ্তে মৃত্যু হোৱা বুলি জানিব পাৰি শোকত ভাগি পৰে।
ইতিমধ্যে ছফিকুল ইছলামৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গত ৰাখিছে বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ ছেপ্টেম্বৰ