ফ্লেট, মাটিৰ পৰা বেংক একাউণ্ট…. আয়তকৈ ৪১৬% বহিৰ্ভূত সম্পত্তিৰ গৰাকী ACS নূপুৰ,
আয়তকৈ ৪১৬% বহিৰ্ভূত সম্পত্তিৰ গৰাকী হৈছিল নূপুৰ বৰা।
বহু দামী দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰৰ বাসগৃহত।
নূপুৰৰ বিভিন্ন বেংকৰ প্ৰায় ৯টা একাউন্ট জব্দ।
বৰপেটাত নূপুৰৰ দুটাকৈ লকাৰ তথ্য লাভ ভিজিলেঞ্চৰ।
বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত মাটি আছে নূপুৰৰ।
জালুকবাৰীত দুটাকৈ ফ্লেট আৰু গোটানগৰত এটা ফ্লেট আছে নূপুৰৰ।
বৰপেটা সত্ৰৰ বহু ভূমি সন্দেহজনক লোকক নামজাৰী কৰি দিছিল নূপুৰে।
বহু লোকক তদন্তৰ আওতালৈ আনিব চি এম ভিজিলেঞ্চে।
লাটমণ্ডল সুৰজিত ডেকাই নতুনকৈ এটা তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰিছিল।
সুৰজিতৰ পৰা এখন থাৰ বাহন জব্দ কৰিছে ভিজিলেঞ্চে।
কিন্তু সুৰজিতৰ পৰা নগদ ধন লাভ কৰা নাই তদাৰকী কোষে।
চাকৰি জীৱনৰ আজিৰ দিনটোলৈ নূপুৰ বৰাৰ মুঠ দৰমহা ৪৫ লাখ টকা।
মুখ্যমন্ত্ৰী তদাৰকী কোষৰ সৰ্ববৃহৎ অভিযান আছিল এইটো।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ ছেপ্টেম্বৰ