বিশেষ বাৰ্তা, সোণাৰি, ১৮ ছেপ্টেম্বৰ : সোণাৰি নগৰৰ সমীপৱৰ্তী তথা চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত নাফুক গাঁৱৰ এগৰাকী নৱবিবাহিত মহিলাৰ কৰুণ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্রাপ্ত তথ্য অনুসৰি, গাঁওখনৰ জিন্টু মাহালী নামৰ যুৱকজনে ছমাহ পূর্বে বিবাহ কৰোৱা চুনকী মাহালী (১৯)ৰ সৈতে যোৱানিশা বাকবিতণ্ডাত লিপ্ত হয়। পত্নীৰ লগত বাকবিতণ্ডা লাগি যুৱকজনে প্রতিবেশীৰ ঘৰৰ এটা দ পুখুৰীত জাঁপ দি চৰম পথ লোৱাৰ চেষ্টা কৰে। সেয়া দেখি পত্নী চুনকীয়ে স্বামীক উদ্ধাৰ কৰিবলৈ নিজেও পুখুৰীটোত জাঁপ দিয়ে। জিন্টু মাহালীৰ প্ৰাণৰক্ষা পৰে যদিও নৱবিবাহিতা চুনকীৰ সলিল সমাধি ঘটে।
পাছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নৱবিবাহিতাগৰাকীৰ ঘৰ লাকুৱাত বুলি জানিব পৰা গৈছে।